দুটা গুৰুত্বপূৰ্ণ খবৰ

উত্তৰ পূৰ্বাঞ্চলৰ কৰ্মৰত সাংবাদিকৰ উমৈহতীয়া নৰ্থ ইষ্ট ইউনিয়ন ৱকিং অৱ জাৰ্নেলিষ্টৰ প্ৰথমখন অভিৱৰ্তন আজি দিনজোৰা কাৰ্য্যসূচীৰে গুৱাহাটী প্ৰেছক্লাৱত অনুষ্ঠিত হয়। ইউনিয়নৰ সভাপতি জয়কান্ত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অভিৱৰ্তনত সাংবাদিক তথা ‘প্ৰান্তিক’ ৰ সম্পাদক প্ৰদীপ বৰুৱাই কয় যে সাংবাদিক সকলে উত্তৰ পূবৰ বাস্তৱতা সঠিকভাৱে বুজি লোৱাৰ প্ৰয়োজন। অভিৱৰ্তনত জ্যেষ্ঠ সাংবাদিক সমূদ্ৰগুপ্ত কাশ্যপে নিজৰ সাংবাদিক জীৱনৰ অভিজ্ঞতাৰ ব্যাখ্যা কৰি কয় যে উত্তৰ পূবত সৰ্বত্ৰ বাতৰিৰ সমল ভৰি আছে। অভিৱৰ্তনত ইউনিয়নৰ মুখপত্ৰ NEUWJ Letter উন্মোচন কৰে ‘বিস্ময়’ ৰ সম্পাদক শশী ফুকনে। তেওঁ ইউনিয়নৰ উজ্বল ভবিষ্যত কামনা কৰে। ইউনিয়নৰ উপ- সভাপতি পুলিন কলিতাই আঁত ধৰা অভিৱৰ্তনত উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক মনোজ আগস্তিয়ে। কাৰ্য্যকৰী সভাপতি নৱ ঠাকুৰীয়াই ইউনিয়নৰ লক্ষ্য আৰু উদ্দেশ্য বহল ব্যাখ্যা আগবঢ়ায়।

অভিৱৰ্তনত মিজোৰামৰ সাংবাদিক ৰালচম পুইয়া ৰাল্টে, ৰামন বৰা, ৰূপম বৰুৱা, ৰনেন কুমাৰ গোস্বামী, শিৱ প্ৰসাদ ডেকা, ৰুবী দাস, অৰ্পূব কুমাৰ দাস, পংকজ কুমাৰ নাথ, মুকুল কলিতা, সমীৰ চৌধুৰী, বিপুল শৰ্মা, অনুপ বিশ্বাস, ৰজত বৈশ্য আদিয়েও ইউনিয়নৰ উদ্দেশ্যৰ সন্দৰ্ভত দু- আষাৰ মন্তব্য আগবঢ়ায়।

ৰয়েল ষ্টেগ বেৰেল এম টি ভিৰ ৬ টা কৈ খণ্ড সমাপ্তিৰ পিছত সপ্তম খণ্ডৰ সাংগীতিক যাত্ৰাৰে সমগ্ৰ দেশতে অভূতপূৰ্ব সফলতা লাভ কৰিছে। এই খণ্ডত সংগীত শিল্পী বেনী দায়ালে সুৰৰ মুচ্ছৰ্নাৰে গুৱাহাটী আপ্লুত কৰিব। আজি গুৱাহাটীৰ ইণ্ডিয়ান ক্লাৱত আয়োজন কৰা এক সংবাদমেলত কণ্ঠশিল্পী গৰাকীয়ে মনৰ ভাব ব্যক্ত কৰি কয় যে বেৰেল চিলেক্ট এম .টি. ভিৰ আনপ্লাগত গীত পৰিবেশন কৰিবলৈ পায় মই অত্যন্ত সুখী। কিয়নো এম. টি. ভিৰ আনপ্লাগে শিল্পীৰ প্ৰতিভা পৰীক্ষামূলক কাম কৰাৰ হাবিয়াস আৰু সংগীতত নিপুনতা লাভ কৰাৰ সপোনবোৰক এখন মঞ্চত প্ৰদান কৰে। বিশেষকৈ সংগীতৰ মহীৰূহ সকলৰ পেছা আৰু সৃষ্টি আগুৱাই নিয়া হয় ৷

Comments (0)
Add Comment