দুটা বিশেষ খবৰ

স্মাৰ্ট চিটি মিচনৰ অধীনত গুৱাহাটীত ৱাটাৰ এ টি এম আৰু বায়’ টয়লেট সেৱা মুকলি হয়। এই সেৱা আজি মুকলি কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্যই। গুৱাহাটীৰ বিভিন্ন স্থানত বায়’টয়লেট আৰু ৱাটাৰ এ টি এম সেৱা প্ৰদান কৰা হ’ব।প্ৰায় ২ কোটি টকাৰ ব্যয় সাপেক্ষে আৰম্ভ কৰা ৱাটাৰ এ টি এম সেৱাৰ জৰিয়তে যথেষ্ট জনসাধাৰণ উপকৃত হ’ব আশা কৰিব পাৰি‌ ।

আনহাতে জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া আৰু জিলা মীন বিষয়াই জাঁজী ফুলপানীছিগা গাৱত উপস্থিত হৈ গাৱখনৰ প্ৰগতিশীল কৃষক সকলৰ লগত সংহত মীন আৰু গাহৰি বা হাঁহ পালনৰ জৰিয়তে কৃষকৰ আয় কিদৰে দুগুণলৈ বঢ়াব পাৰি, সেই সম্পৰ্কে মত বিনিময় কৰে ।

Comments (0)
Add Comment