দৈজিং মহোৎসৱ আৰম্ভ

চিৰাঙৰ আই নদীৰ হাগ্ৰামা দলঙৰ পাৰত কালিৰে আৰম্ভ হৈছে দৈজিং মহোৎসৱ ।এই মহোৎসৱখন আনুষ্ঠানিক ভাৱে মুকলি কৰে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰীয়ে।মহোৎসৱ খন মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৩বছৰত ভৰি দিয়া দৈজিং মহোৎসৱে এক সুকীয়া বৈশিষ্ট্য বহন কৰি আহিছে ।দেশৰ ভিন্ন প্ৰান্তৰ পৰা মহোৎসৱলৈ মানুহ আহিছে।অনাগত দিনত এই মহোৎসৱ আৰু আই নদীক অন্যতম পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব।চাপাগুৰিৰ পৰা আৰম্ভ হৈ আই নদীত সামৰণি পৰা এক মাৰাথান দৌৰ প্ৰতিযোগিতা দিনটোৰ আৰম্ভ হয়।আন্তৰাষ্ট্ৰীয় বক্সাৰ এল সৰিতা দেৱীয়ে দৌৰৰ ফ্লেগ অৱ কৰে।ইয়াৰ পিছতেই পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মই খাদ্য বিপনী মুকলি কৰে।দুঃসাহসিক ক্ৰীড়াৰ লগতে জীপ ছাফাৰী, হাতী ছাফাৰী আদিবোৰ অনুষ্ঠিত হয় ।সন্ধ্যাভাগত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।

Comments (0)
Add Comment