দৰিদ্ৰতাক নেওচি উজ্বলিল জামুগুৰিহাটৰ গায়ত্ৰী দেৱী

দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হব নোৱাৰে তাৰেই প্ৰমাণ দিলে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ মৰিসুতিৰ গায়ত্ৰী দেৱীয়ে।সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দুটা বিষয়ত লেটাৰ সহ প্ৰথম বিভাগত উৰ্ত্তীণ হয় গায়ত্ৰী ৷ মৰিসুতি ঠাকুৰবাৰী অঞ্চলৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী গায়ত্ৰী দেৱীৰ নাই এটা ভাল থকা ঘৰ, নাছিল এখন পঢ়া টেবুল, নাই এটা মোবাইল ফোন ৷ মাটিত বহিয়েই অধ্যয়ন কৰি সুখ্যাতিৰে উৰ্ত্তীণ হোৱা গায়ত্ৰীয়ে কভিড কালত অনলাইন ক্লাচ কৰিব পৰা নাছিল এনৰইড মোবাইল নথকাৰ বাবেই ৷ ঠাকুৰবাৰী নিবাসী গায়ত্ৰীৰ পিতৃ টয়া কটোৱাল আৰু মাতৃ কমলা দেৱীয়ে দিন হাজিৰা কৰি এসাঁজ খাই এসাঁজ নাখাই সাতজনীয়া পৰিয়ালটো বহুত কষ্টৰে পোহপাল দি অহা বিষয়ে জানিব পৰা গৈছে । সম্প্ৰতি গায়ত্ৰীৰ ফলাফলক লৈ আনন্দ প্ৰকাশ কৰাৰ লগতে অঞ্চলবাসীয়ে উষ্ম অভিনন্দন জ্ঞাপন কৰে৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment