ধান ৰোপনৰ প্ৰশিক্ষণ

কামৰূপ জিলাৰ কাহিকুঁছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত কামৰূপ জিলা আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ যুটীয়া উদ্যোগত এপাৰ্টৰ ধান সংক্ৰান্তীয় আঁচনিৰ অধীনত ধান ৰোপনৰ উন্নত পদ্ধতিৰ ওপৰত দুদিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হয়। প্ৰশিক্ষণত উপস্থিত থাকি কৃষি গৱেষণা কেন্দ্রৰ আচঁনি সমন্বয়ক ড৹ ধীৰেন কলিতাই অসমত ধানৰ উৎপাদন বৃদ্ধিত গুৰুত্ব প্ৰদান কৰে। প্ৰশিক্ষণত উপস্থিত থাকি ইৰিৰ ড৹ কৌৰ সিঙে চাপ সহনশীল বিভিন্ন জাতৰ বিষয়ে আৰু এপাৰ্টৰ জৰিয়তে গ্ৰহণ কৰা আঁচনিৰ সমূহৰ বিষয়ে অৱগত কৰে। প্ৰশিক্ষণত ইৰিৰ বিশেষজ্ঞ বিপিন কুমাৰে কৃষি যান্ত্ৰিকীকৰণৰ বিভিন্ন প্ৰযুক্তি আৰু যন্ত্ৰ সমূহৰ এক প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰশিক্ষণত গুটি সিচি দিয়া, মেচিন, ৰিপাৰ আদিৰ কাৰ্য্য প্ৰণালীৰ বিষয়ে বিশেষজ্ঞ সকলে কৃষক সকলক অৱগত কৰে। প্ৰশিক্ষণত ইৰিৰ বিশেষজ্ঞ জ্যোতি বিকাশ নাথে এপাৰ্ট আচঁনিৰ জৰিয়তে গ্ৰহণ কৰা আঁচনি ইৰিৰ অংশগ্ৰহণৰ বিষয়ে বিশদ ভাবে আলোচনা আগবঢ়ায় । অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ড৹ এম কে শৰ্মা উপস্থিত থাকি যান্ত্ৰিকীকৰণৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰশিক্ষণত কামৰূপ, দৰং, মৰিগাঁও আৰু নলবাৰীৰ ৩৪ জন সম্প্ৰসাৰণ কৰ্মীয়ে প্ৰশিক্ষণ গ্রহণ কৰে ।

Comments (0)
Add Comment