ধেমাজিৰ বেদান্তলৈ এন চি চিৰ শ্ৰেষ্ঠত্বৰ বঁটা

ধেমাজি জিলাৰ  প্ৰতিভাধৰ সন্তান তথা গোৱালপাৰা সৈনিক স্কুলৰ কৃতিমান ছাত্ৰ বেদান্ত তালুকদাৰলৈ  এন চি চিৰ উত্তৰ পুৰ্বাঞ্চল ৰিজিঅন’ৰ  ২০২০-২১ বৰ্ষৰ  শ্ৰেষ্ঠ কেডেট বঁটা আগবঢ়োৱা হৈছে  ৷ উত্তৰ পুৰ্বাঞ্চল এন চি চিৰ অতিৰিক্ত সঞ্চালক লেফটেনেণ্ট কৰ্নেল অনুজ থাপাই এন চি চি/এন ই আৰ / ৭০০২/৩৪/ শ্ৰেষ্ঠ কেডেট /পি এণ্ড চি / এন চি চি নম্বৰৰ এক নিৰ্দেশনা যোগে কনিষ্ঠ শাখাত উত্তৰ পুৰ্বাঞ্চল ভিত্তিত গোৱালপাৰা সৈনিক স্কুলৰ দশম শ্ৰেণীৰ মেধাৱী ছাত্ৰ বেদান্ত তালুকদাৰক একক ভাৱে  শ্ৰেষ্ঠ কেডেট বঁটাৰে সন্মানিত কৰা বুলি জনাইছে।  কৃতিমান তথা মেধাবী ছাত্ৰ বেদান্তৰ এই কৃতিত্বই  ধেমাজি জিলা বাসীক গৌৰান্বিত কৰি তুলিছে । এন ই  ফ`কাচ তৰফৰ পৰা  বেদান্তৰ এনে  সাফল্যত অভিনন্দন জনাইছো।
বাতৰি যুগুতালে ঢকুৱাখনা পৰা অমৃত পৱন বৰাই

Comments (0)
Add Comment