ধৰ্মীয় ৰীতি নীতিৰে আৰম্ভ হ’ল অম্বুবাচী

অসমৰ পৰ্যটন ক্ষেত্ৰখনত ন মাত্ৰা প্ৰদান কৰি আহিছে অম্বুবাচী মেলাই। লাখ লাখ ভক্তৰ সমাগম হয় এই অম্বুবাচী মেলাত। প্ৰতিবছৰে অনুষ্ঠিত হোৱা এই অম্বুবাচী মেলাৰ লগত বিশ্বাস আৰু পৰম্পৰা জড়িত হৈ আছে।
 
ক’ভিড১৯ৰ ভয়াৱহ পৰিস্থিতিৰ বাবে এইবাৰৰ অম্বুবাচীত নাই পূৰ্বৰ দৰে পৰিবেশ।কিয়নো ক’ভিড১৯ৰ বাবে নিমাওমাও পৰিবেশে বিৰাজ কৰিছে।
 
আজিৰে পৰা নীলাচল পাহাৰত অৱস্থিত কামাখ্যা ধামত অম্বুবাচী মেলাৰ নিবৃত্তি আৰম্ভ হৈছে ৭বাজি ৩৫ বজাত। তাৰপাছত ভক্তসকলৰ কাৰণে কামাখ্যা মন্দিৰৰ দ্বাৰ অহা ২৫ জুনলৈকে বন্ধ থাকিব। ২৫ জুনৰ সন্ধিয়া হ’ব প্ৰবৃত্তি। ২৫জুনত কামাখ্যাৰ দ্বাৰ খুলিলেও মূল প্ৰবেশদ্বাৰখন বাবে দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব। উলেখযোগ্য যে বিগত ২০মাৰ্চৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন্ধ হৈ থকা কামাখ্যাৰ দ্বাৰ অহা ৩০জুন লৈকে বন্ধ থাকিব।
 
উল্লেখযোগ্য যে দৰ্শনাৰ্থী অথবা ভক্তগণৰ বাবে বন্ধ থাকিলেও কেৱল মন্দিৰৰ পূজাৰীৰ উপস্থিতিত অম্বুবাচী মেলা সম্পূৰ্ণ নীতি নিয়মেৰে পালন কৰা হ’ব।

Comments (0)
Add Comment