নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ছেবাই অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিছে

লকডাউনৰ বাবে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো বিদ্যালয়বোৰ বন্ধ হৈ আছে।  অসম মাধ্যমিক শিক্ষা ব’ৰ্ড চমুকৈ ছেবাই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সময়ছোৱাত শিক্ষা গ্ৰহণৰ পৰা ৰাজ্যৰ কোনো শিক্ষাৰ্থীয়ে যাতে বঞ্চিতনহয় তাৰ বাবে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।এই কথা প্ৰকাশ কৰিছে ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে।
 
 
বিশেষকৈ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ’ব পৰাকৈ ছেবাই গ্ৰহণ কৰিছে এই বিশেষ অনলাইন পাঠদানৰ ব্যৱস্থা।ৰাজ্যৰ প্ৰতিখন জিলালৈ ইতিমধ্যে ইউটিউবৰ জৰিয়তেও লিংকসমূহে প্ৰদান কৰিছে। ইয়াৰ বাবে স্কুল পৰিদৰ্শক তথা ছাত্ৰ ছাত্ৰীসকলকো অৱগত কৰা হৈছে।
 
২৭এপ্ৰিল সোমবাৰৰ পৰা ইতিমধ্যে ছাত্ৰ ছাত্ৰী সকলৰ বাবে আকাশবাণী গুৱাহাটীৰ জৰিয়তে এঘণ্টাৰ ক্লাছ আৰম্ভ হৈ গৈছে। সোমবাৰৰ পৰা শুক্ৰবাৰলৈ চলিব লগীয়া এই ক্লাছৰ সময়সীমা দুপৰীয়া ১২.৩০বজাৰ পৰা ১.৩০বজালৈ প্ৰতি সপ্তাহতে হ’ব। এই অনলাইন ক্লাছ সমূহ, সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়ক সাঙুৰি লৈছে।
 
 
 
অনলাইন ক্লাছ সমূহত প্ৰথমতে আধা ঘণ্টাৰ বাবে বিশেষভাৱে পাঠটো বুজাই দিয়া হয়। বাকী আধা ঘণ্টা ফোনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ পৰা প্ৰশ্ন লোৱা হয় আৰু যদিহে বুজাত অসুবিধা হয় পুনৰ বুজাই দিয়া হয়।
 
 
 
উল্লেখযোগ্য যে কোনদিনা কি বিষয়ৰ ক্লাছ হ’ব সেই সন্দৰ্ভত ইতিমধ্যে সময়সূচী বনাই দিয়া হৈছে মন্তব্য কৰে। আনহাতে সকলো ছাত্ৰ ছাত্ৰীৰে হাতত স্মাৰ্টফোনৰ সুবিধা নাই বাবে সকলোৱে এই সুবিধা পোৱা নাই বুলি কয় সচিবে। এইফালে বিভিন্ন জিলাৰ পৰা অহা খবৰ অনুযায়ী তেওঁলোকৰ মাজৰে বহুতো বিদ্যালয়ে অনলাইন ক্লাছ কৰাৰ সলনি অনলাইন পৰীক্ষাও পতাৰ কথা ঘোষণা কৰিছে।

Comments (0)
Add Comment