পাঞ্জাবাৰীৰ কংকন নগৰত বন বিভাগৰ উদ্যোগত গছপুলি ৰোপন অভিযান

বন বিভাগৰ পূৱ কামৰূপ বন সংমণ্ডলে এটা মাহৰ ভিতৰত সংমণ্ডলৰ অধীনৰ পাঁচটা বনাঞ্চলিক বিষয়া, কুৰিটাৰো অধিক খণ্ড বন বিষয়াৰ কাৰ্যালয়, বন শিবিৰৰ জৰিয়তে গুৱাহাটীক সেউজকৰণৰ লক্ষ্যৰে যোৱা ৫ জুনৰ বিশ্ব পৰিবেশ দিৱসৰ দিনটোৰ পৰাই ক’ভিড বিধি মানি ৰাজহুৱা স্থান, পথৰ দাঁতিত, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় চৌহদ, শিক্ষানুষ্ঠান চৌহদ আদিত গছপুলি ৰোপন অভিযান চলাই আছে। সেই অভিযানৰ অংশহিচাপে আজি গুৱাহাটীৰ পাঞ্জাবাৰী খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত কংকন নগৰত অঞ্চলটোৰ ৰাইজৰ সহযোগত গছপুলি ৰোপণ কৰা হয়। এটা মহানিমৰ পুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকাই। কাৰ্যসূচীত গুৱাহাটীৰ বনাঞ্চলিক বিষয়া পংকজ বৰা, পাঞ্জাবাৰী খণ্ড বন কাৰ্যালয়ৰ খণ্ড বিষয়া নিৰ্মল ডেকাকে ধৰি কেবাজনো বনকর্মী আৰু অঞ্চলটোৰ বহুসংখ্যক লোক উপস্থিত থাকে। আনহাতে কাৰ্যসূচীৰ লগত সংগতি ৰাখি খণ্ড বন বিষয়া নিৰ্মল ডেকাৰ নেতৃত্বত কাৰ্যালয়ৰ এটা বনকর্মীৰ দলে বৃহত্তৰ কংকন নগৰ অঞ্চলত মহানিম, জামু, লেতেকু, হৰফল, পনিয়লকে ধৰি বিভিন্ন থলুৱা প্ৰজাতিৰ ২২০ টা ফলাহাৰী আৰু ছাঁ দিব পৰা গছপুলি ৰোপণ কৰা হয়। তেনেদৰে গছপুলি সমূহ গৰু ছাগলীয়ে খাব নোৱাৰাকৈ চাৰিওফালে বেৰা দিয়া হয়।
বাতৰি যুগুতালে জিতুমনি দাসে

Comments (0)
Add Comment