পাট আৰু মুগাৰ সূতাৰে উজ্জীৱিত হ’ব বিনষ্ট স্নায়ু

সোণালী সূতা অসমৰ এক সম্পদ। সোণালী সূতাক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বহুজন প্ৰতিধৰৰ যথেষ্ট হাত আছে। জানি সুখী হ’ব যে অসমৰ এদল বিজ্ঞানীৰ প্ৰচেষ্টাত সোণালী সূতাই চিকিৎসা খণ্ডলৈ এক বিশেষ অৰিহণা যোগোৱাৰ পথত অগ্ৰসৰ হৈছে।

এই সুখবৰটো কঢ়িয়াই আনিছে আই আই টি গুৱাহাটী Biomaterial and Tissue Engineering Laboratory অধ্যাপক ডo উৎপল বৰাই। উল্লেখযোগ্য যে বৰাৰ নেতৃত্বত চলি থকা গৱেষণাৰ খবৰে ৰাষ্ট্ৰীয় আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ত যথেষ্ট ৰ্চচিত হৈছে।

Nefocus.com ৰ ফালৰ পৰা লোৱা এক আছুতীয়া সাক্ষাৎকাৰত বৰাই এনে দৰে জনাই- আমাৰ পাট অথবা মুগা সূতাৰ জনপ্ৰিয়তা সৰ্বাধিক যদিও বৰ্ত্তমানে ইয়াৰ উৎপাদন পূৰ্বৰ তুলনাত কমি আহিছে কাৰণ যদি ফঁহিয়াই চাওঁ কৃষকে উচিত মূল্য নোপোৱাৰ বাবে এনে হোৱাটো দৃষ্টিগোচৰ হয়। সেয়েহে মই চেষ্টা চলাই আছো, কিদৰে পাট মুগা সূতাৰ পৰা বিনষ্ট স্নায়ু উজ্জীৱিত কৰা যায়।

স্মৰ্তব্য যে ইতিপূৰ্বে বৰাই এই গৱেষণা এটা এন্দুৰক ওপৰত কৰিছিল, এই ক্ষেত্ৰত সফলতা লাভ কৰিছিল। ৰ্দুঘটনা অস্ত্ৰোপচাৰৰ বিসংগতি তথা বুলেটৰ আঘাত আদিৰ ফলত মানুহ শৰীৰৰ স্নায়ু বিনষ্ট হৈ পৰে। সেয়েহে বিনষ্ট স্নায়ুক উজ্জীৱিত কৰাৰ বাবে অসমৰ ৰেচম সূতাৰ বিষয়ে বিশ্বৰ গৱেষক সকলৰ সন্মুখত দাঙি ধৰো।

এই ব্যতিক্ৰমী চিন্তা কিদৰে মনলৈ আহিল জানিব বিচৰাত এনেদৰে কয়- আচলতে মোৰ শিক্ষাগুৰু দুজন এই গৱেষণাৰ অন্যতম অনুপ্ৰেৰণাৰ উৎস। তেখেত সকল হ’ল মুকুল হাজৰিকা আৰু স্বৰ্গীয় অতুল হাজৰিকা ছাৰ। অতুল হাজৰিকা ছাৰে প্ৰতিটো বস্তু ওলোটা ফালৰ পৰা পৰীক্ষণ কৰিব লাগে বুলি শিকাইছিল। এই কথাষাৰে বৰ্ত্তমান সময়ত গৱেষণাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। বৰ্ত্তমানেও আমাৰ গৱেষণা চলি আছে। জানিব পৰা মতে ডo উৎপল বৰাৰ ঘৰ যোৰহাটৰ ৰৰৈয়াত। অসমীয়া বিজ্ঞানী গৰাকীৰ উদ্ভাৱনে সমাজত এক ন বিপ্লৱৰ সুচনা কৰক। ডo উৎপল বৰালৈ থাকিল আন্তৰিক অভিনন্দন।

Comments (0)
Add Comment