পিতা পুত্ৰৰ উদ্ভাৱনে আলোড়ন সৃষ্টি কৰিছে

আপুনি কোনো এঠাইত খাবলৈ বহিল।খাই হোৱাৰ পিছত পেলনীয়া অংশখিনি উঠি গৈ ডাষ্টবিনত পেলাবলৈ এলাহ লাগিছে।এনে এলাহৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলাৰ দদৰাৰ এজন কিশোৰে উদ্ভাৱন কৰিছে ম’ভেবল স্মাৰ্ট ডাষ্টবিন ।জানি সুখী হ’ব যে এইখন অসমৰে এটা বিশেষ পৰিয়ালৰ সদস্য লহৰ জ্যোতি দাসে এই ডাষ্টবিনটো উদ্ভাৱন কৰিছে ।এটা বিশেষ পৰিয়াল বুলি কোৱাৰ মূল কাৰণ হ’ল লহৰজ্যোতি দাসৰ দেউতাক, ভায়েক ,মাকেও উদ্ভাৱনৰ লগত জৰিত হৈ আছে ।বৃহৎ উদ্ভাৱন নহ’লেও সৰু সুৰা উদ্ভাৱন কৰিছে।জানিব পৰা মতে এই ডাষ্টবিনটোৱে ১০০ মিটাৰ দূৰত্বত থকা পেলনীয়া সামগ্ৰী সংগ্ৰহ কৰে।প্ৰায় ৬০হাজাৰ টকা ব্যয় কৰি লহৰ জ্যোতিয়ে ডাষ্টবিনটো প্ৰস্তুত কৰি উলিয়াইছে ।ঠিক সেইদৰে অলপতে লহৰজ্যোতি দাসৰ পিতৃ ভৱেশ দাসেও অত্যাধুনিক প্ৰযুক্তি আৰু কৌশল প্ৰয়োগ কৰি স্প্ৰে মেচিন প্ৰস্তুত কৰি উলিয়াইছে ।এই দুয়োবিধ সামগ্ৰী আঞ্চলিক বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হোৱা উদ্ভাৱন উৎসৱত প্ৰদৰ্শন কৰিছে।উল্লেখযোগ্য যে লহৰজ্যোতি দাসৰ ভাতৃয়ে ইতিমধ্যে বহু সামগ্ৰী উদ্ভাৱন কৰিছে।উদ্ভাৱনে সমাজলৈ বিশেষ বৰঙণি আগবঢ়োৱা পিতা পুত্ৰ দুয়োজনলৈ থাকিল এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা অলেখ অভিনন্দন ।

Comments (0)
Add Comment