প্ৰকৃতিক সুৰক্ষা দিয়াৰ প্ৰচেষ্টা বালিপাৰা ফাউণ্ডেশ্যনৰ

পূব হিমালয়ান অঞ্চলৰ গ্ৰাম্য জীৱনৰ ওপৰত আলোকপাত কৰাৰ ক্ষেত্ৰত পথিকৃত ভূমিকালৈ অহা বালিপাৰা ফাউণ্ডেশ্যনৰ ইষ্টাৰ্ণ হিমালয়ান নেচাৰোন’মিক্স ফ’ৰাম অহা ১আৰু ২ নবেম্বৰত অনুষ্ঠিত হ’ব। থিংক গ্ল’বেলি,এক্ট লোকেলি আদৰ্শৰে উদ্ভাসিত ফ’ৰামখনৰ অনুষ্ঠানত বিদেশৰ প্ৰায় ১৫খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। অনুষ্ঠানত অনুষ্ঠিত হ’ব লগা আলোচনাচক্ৰ খনত পৰিবেশ, পাৰিপাৰশ্বিক অৱস্থা, জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ওপৰত আলোচনাচক্ৰ অনুষ্ঠিত হ’ব।লগতে প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰা ১৩ জন ব্যক্তিক বঁটা প্ৰদান কৰিব।

Comments (0)
Add Comment