প্ৰতিভাৰ কেতিয়াও মৃত্যু নহয়

কিছুমান মানুহে কিছুমান প্ৰতিভাৰ জন্মগত ভাৱে অধিকাৰী। প্ৰতিভা হ’ল এনে এক সত্বা, যাক কোনেও জোৰ জুলুমকৈ ঢাকি ৰাখিব নোৱাৰে। পৰিবেশ, পৰিস্থিতিৰ বিপৰীত সোঁতত প্ৰতিভাই অৱস্থান কৰি আলোকৰ সন্ধান দিয়ে। আজি আপোনাক জনাবলৈ লোৱা ব্যক্তিজন এনে এক প্ৰতিভাৰ গৰাকী। তেখেত এগৰাকী শিল্পী। এনে শিল্পকলা তেখেতৰ জন্মগত প্ৰতিভা। এনে শিল্প কলা বিধৰ জৰিয়তে এই শিল্পী গৰাকীয়ে আপোনাৰ, আমাৰ অপ্ৰয়োজন অথবা অদৰকাৰী যেন লগা বস্তুবোৰক প্ৰাণ দিয়ে।

হয়, ঠিকেই ধৰিব পাৰিছে! তেখেত এগৰাকী ভাস্কৰ্য্যবিদ। কাঠ, বাঁহ, মাটি সকলো বস্তুৰে তৈয়াৰ কৰিব পাৰে, একো একোটা বস্তু। বস্ত্ৰনগৰী শুৱালকুছিৰ ১ নং বাপুজী পথৰ প্ৰকাশ বায়ন নামৰ ব্যক্তিগৰাকীৰ শিল্প কৰ্মই সংবাদ মাধ্যমত বৰ্ত্তমানে বিশেষ ভাবে চৰ্চা লাভ কৰিছে। কাৰণ প্ৰকাশ বায়নে আৱৰ্জনাকো এক ন ৰূপ দিব পাৰে। আমি কথা পাতিছিলো, প্ৰকাশ বায়নৰ লগত, তেখেতৰ পৰা জানিব বিছাৰিছিলো শিল্পকৰ্মৰ যাত্ৰাৰ বিষয়ে, তেখেতে আমাক এনে দৰে জনায়- স্কুলৰ দিনৰ পৰা শিল্প কৰ্ম লগত জড়িত আছিলো। শিল্পকৰ্মৰ কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাছিলো। আচলতে ক’বলৈ গ’লে এনে প্ৰতিভা মই জন্মগতভাৱে লাভ কৰিছো। আজিৰ পৰা ২০ বছৰ আগৰ পৰা ৰাইজে মোৰ শিল্পকৰ্ম বিধক আঁকোৱালি লৈছে। 

প্রকাশ বায়নে জনায়- ৰাসত তৈয়াৰ কৰা শিল্পক ৰাইজে দেখি আনন্দ প্ৰকাশ কৰাত খুবেই উৎসাহিত হৈছিলো। যাৰ ফলস্বৰূপে শিল্পকৰ্ম বিধক আগুৱাই লৈ যাবলৈ সক্ষম হ’লো। ইতিমধ্যে প্ৰায় ৬০ বিধ সামগ্ৰী বনাইছো।
মনকৰিবলগীয়া যে প্ৰকাশ বায়নে যাদুবিদ্যা, ক্ৰীড়াৰ লগতে নাটক আৰু সাপধৰা বিদ্যাটো পাকৈত। জানিব পৰা মতে, প্ৰকাশ বায়নৰ শিল্পকৰ্ম শান্তি নিকেতনত সংৰক্ষণ হৈ আছে। আগন্তুক সময়ত শিল্পীগৰাকীৰ হাতৰ পৰশত ন শিল্পকৰ্ম সৃষ্টিৰ হওক, আমাৰ থাকিল বহু শুভকামনা।
Comments (4)
Add Comment
  • PRATAP BORDOLOI

    U r doing well ,Sangeeta.GSangeeta.God bless.

    • Sangeetasaikia

      Thankyou sir..

  • ৰাহুল দেৱ বৰদলৈ

    good news

  • Sangeetasaikia

    Thankyou