পৰিবেশ প্ৰদূষণ ৰোধৰ প্ৰচেষ্টা ৰণ্টুৰ

এসময়ত মই নিজেই গুটখা, পানমছলা বিক্ৰী কৰিছিলো। কিন্তু নিজেই কেতিয়াও খোৱা নাছিলো। হঠাতে এদিন অনুভৱ কৰিলো যে মই নিজেই নোখোৱা বস্তুবোৰ আনক বিক্ৰী কৰি মৰণৰ দিশে ঠেলি আছো। সেয়েহে পান দোকানৰ ব্যৱসায় পৰিত্যাগ কৰি ধূপৰ ব্যৱসায়ত লাগো। ইয়াৰ লগে লগে এইটো দিশতো গুৰুত্ব আৰোপ কৰো যে এই কামে যাতে সমাজলৈ এক আশা বতৰা কঢিয়াই আনে। এই মন্তব্য উদ্যমী ৰণ্টু চেতিয়াৰ।

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ লোহালিৰ ৰণ্টু চেতিয়া নামৰ ব্যক্তিজনে প্ৰদূষণমুক্ত ধূপ কাঠি বনাই চৰ্চালৈ আহিছে। উল্লেখযোগ্য যে তেখেতে প্ৰস্তুত কৰা ধূপকাঠিৰ পেকেটবোৰ বাঁহেৰে তৈয়াৰী। এই সম্পৰ্কত চেতিয়াই Nefocus.com ৰ আগত কয় যে পানৰ ব্যৱসায়ৰে সমাজত উপকাৰ কৰিব পৰা নাছিলো। জনসাধাৰণৰ সুৰক্ষা তথা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদূষণমুক্ত ধূপ কাঠি তৈয়াৰ কৰো। প্ৰথম অৱস্থাত চেম্পোল হিচাপে কেইখনমান দোকানত দিছিলো আৰু বৰ্তমান প্ৰায় ৭ খন গাঁৱত এই ধূপৰ যোগান ধৰো।ত্ৰিধাশ্ৰী উদ্যোগৰ অধীনত ৰজনীগন্ধা আৰু ৰ’জ ধূপ যোগান ধৰো। উল্লেখযোগ্য যে ত্রিধাশ্ৰী উদ্যোগ নামেৰে এটা উদ্যোগ ৩ মাহ আগতে ৰণ্টু চেতিয়াই প্ৰতিষ্ঠা কৰিছিল। বৰ্তমান এই উদ্যোগটোত ৭ জন মান ব্যক্তি কৰ্মৰত হৈ আছে। শেহতীয়াকৈ হ’লেও স্বচ্ছতা তথা প্ৰদূষণমুক্ত পৰিবেশ গঢ়াৰ বাবে তৎপৰ হৈ পৰা উদ্যমী যুৱক ৰণ্টু চেতিয়ালৈ এই আপাহতে অলেখ শুভকামনা জনালো।


Comments (0)
Add Comment