বন বিভাগ আৰু চি আৰ পি এফৰ যৌথ উদ্যোগত খানাপাৰাত গছপুলি ৰোপণ

বন বিভাগ আৰু চি আৰ পি এফৰ যৌথ উদ্যোগত খানাপাৰাত গছপুলি ৰোপণ

অসম চৰকাৰৰ বন বিভাগৰ উদ্যোগত পহিলা জুলাইৰ পৰা ৰাজ্যজুৰি চলি আছে বন মহোৎসৱ সপ্তাহ । অহা ৭ জুলাইত সামৰণি পৰিবলগীয়া সপ্তাহৰ লগত সংগতি ৰাখি বন সংমণ্ডল আৰু আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ উদ্যোগত ছাত্ৰ – ছাত্রীকে ধৰি ৰাইজৰ মাজত পৰিৱেশ সচেতনতা সৃষ্টিৰ বাবে গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী চলি আছে । আনহাতে বন মহোৎসৱ সপ্তাহৰ লগত সংগতি ৰাখি আজি খানাপাৰা প্ৰাথমিক বিদ্যালয় চৌহদত পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ৰোহিণী বল্লভ শইকীয়াৰ তত্বাৱধানত গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয় আৰু চি আৰ পি এফৰ খানাপাৰা ইউনিটৰ যৌথ উদ্যোগত গছপুলি বিতৰণ আৰু ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয় গছপুলি ৰোপণ – বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক জন ৰঞ্জন দাস , গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱা , চি আৰ পি এফৰ খানাপাৰা ইউনিটৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় সিং আৰু খানাপাৰা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰমেন তালুকদাৰে । আনহাতে কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন প্ৰজাতিৰ প্ৰায় ২০০ টা গছপুলি ৰাইজৰ মাজত বিতৰণ কৰাৰ লগতে বিদ্যালয় চৌহদ আৰু কাষৰীয়া স্থানত প্ৰায় ১৫০ টা গছপুলি ৰোপণ কৰা হয় ।

Comments (0)
Add Comment