অসম চৰকাৰৰ বন বিভাগৰ উদ্যোগত পহিলা জুলাইৰ পৰা ৰাজ্যজুৰি চলি আছে বন মহোৎসৱ সপ্তাহ । অহা ৭ জুলাইত সামৰণি পৰিবলগীয়া সপ্তাহৰ লগত সংগতি ৰাখি বন সংমণ্ডল আৰু আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ উদ্যোগত ছাত্ৰ – ছাত্রীকে ধৰি ৰাইজৰ মাজত পৰিৱেশ সচেতনতা সৃষ্টিৰ বাবে গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী চলি আছে । আনহাতে বন মহোৎসৱ সপ্তাহৰ লগত সংগতি ৰাখি আজি খানাপাৰা প্ৰাথমিক বিদ্যালয় চৌহদত পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ৰোহিণী বল্লভ শইকীয়াৰ তত্বাৱধানত গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয় আৰু চি আৰ পি এফৰ খানাপাৰা ইউনিটৰ যৌথ উদ্যোগত গছপুলি বিতৰণ আৰু ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয় গছপুলি ৰোপণ – বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক জন ৰঞ্জন দাস , গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱা , চি আৰ পি এফৰ খানাপাৰা ইউনিটৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় সিং আৰু খানাপাৰা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰমেন তালুকদাৰে । আনহাতে কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন প্ৰজাতিৰ প্ৰায় ২০০ টা গছপুলি ৰাইজৰ মাজত বিতৰণ কৰাৰ লগতে বিদ্যালয় চৌহদ আৰু কাষৰীয়া স্থানত প্ৰায় ১৫০ টা গছপুলি ৰোপণ কৰা হয় ।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা