কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসৰ সভাপতিত্বত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। যুটীয়া আৰক্ষী আয়ুক্ত হেমন্ত দাস, সহকাৰী পৰিবহন আয়ুক্ত, অসম তথা কামৰূপ মহানগৰ জিলাৰ ভাৰপ্ৰাপ্ত জিলা পৰিবহন বিষয়া গৌতম দাস, জিলা পৰিবহন বিষয়া তথা আঞ্চলিক পৰিবহন প্ৰাধিকাৰী ৰফিকুল ইছলাম, জিলা পৰিবহন বিষয়া (প্রৱর্তক) হিমাংশু দাস তথা সমিতিৰ আন আন সদস্য আৰু সংশ্লিষ্ট বিষয়া-বর্গ উপস্থিত থকা এই সভাত পথ সুৰক্ষা সমিতিৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি নতুনকৈ জিলা পথ সুৰক্ষা সমিতি গঠন কৰা হয়। এই নিৰ্দেশনা অনুসৰি সমিতিত জিলা দণ্ডাধীশ অধ্যক্ষ, ৰাজ্যিক ঘাইপথ আৰু প্ৰধান জিলা পথৰ ঘাই পথ প্রশাসক সচিব হিচাপে থকাৰ বিপৰীতে উপ আৰক্ষী আয়ুক্ত / আৰক্ষী অধীক্ষক, মুখ্য স্বাস্থ্য বিষয়া, লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, আঞ্চলিক কাৰ্যালয়ৰ প্ৰতিনিধি (পথ যোগাযোগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়), ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰকল্প সঞ্চালক, পৌৰ নিগমৰ কাৰ্যবাহী বিষয়া, ৰাজ্যৰ পথ সুৰক্ষাৰ কাম কৰি অহা বে-চৰকাৰী অনুষ্ঠান, আঞ্চলিক পৰিবহন বিষয়া সদস্য হিচাপে থাকে। সভাত উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে পথ দুৰ্ঘটনাৰ কাৰণ সমূহ তথ্য সহকাৰে বিশ্লেষণ কৰে আৰু দুৰ্ঘটনা ৰোধৰ স্বাৰ্থত পথ সুৰক্ষাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক প্রয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। আনহাতে, অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে সভাত গুৰুতৰভাৱে পথ দুৰ্ঘটনা গ্ৰস্ত লোকক তৎক্ষণাত উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰি দিয়া ব্যক্তিৰ বাবে চৰকাৰে গ্ৰহণ কৰা সামাৰি আন পুৰস্কাৰৰ বিষয়ে আৰু দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰা লোকৰ বাবে চৰকাৰৰ চলাচিয়াম সাহাৰ্যৰ বিষয়ে জনসাধাৰণৰ মাজত উপযুক্ত সজাগতা সৃষ্টিৰ বাবে সকলোকে আহ্বান জনায়।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ