বিভিন্ন বস্ত্ৰ সম্ভাৰে ভৰি পৰিছে

আৰ্টফেডৰ উদ্যোগত ১৮জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰশিল্প মেলা।মহানগৰীৰ চান্দমাৰিৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা মেলাখনত ৰাজ্যৰ লগতে বৰ্হিৰাজ্যৰ বহুকেইখন বিপনীয়ে অংশগ্ৰহণ কৰিছে।জানিব পৰা মতে মেলখনত সৰ্বমুঠ ৯৯খন বিপনীয়ে অংশগ্ৰহণ কৰিছে।বিভিন্ন ৰাজ্যৰ বস্ত্ৰ সম্ভাৰ, আ অলংকাৰ, গৃহসজ্জাৰ সা সামগ্ৰীয়ে মেলাখন ভৰি পৰিছে ।ইতিপূৰ্বেও জিলা পৰ্য্যায়ত হস্ত তাঁত বস্ত্ৰ শিল্প মেলা অনুষ্ঠিত হৈছিল ।অহা ১০ফেব্ৰুৱাৰীত তেজপুৰত ৰাজ্যিক পৰ্য্যায়ৰ বস্ত্ৰমেলা অনুষ্ঠিত হ’ব ।

Comments (0)
Add Comment