বিশ্ব ফটোগ্ৰাফী দিৱস

আজি বিশ্ব ফটোগ্ৰাফী দিৱস। এই দিৱস উপলক্ষ্যে ইউ বি ফটো ইনষ্টিটিউৱ অৱ ফটোগ্ৰাফীয়ে গুৱাহাটী আৰ্টিছ গীল্ডত এক ফটো প্ৰদৰ্শনীৰ অনুষ্ঠান আয়োজন কৰে। এই অনুষ্ঠানৰ দ্বাৰ মুকলি কৰে কৃষি মন্ত্ৰী অতুল বৰাই। তেখেতে ভাষণ প্ৰসংগত কয় যে এখন ফটোৱে সকলোতে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। আৰু ফটোগ্ৰাফী দিৱস শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে প্ৰাক্তন আৰু নৱাগত ছাত্ৰৰ ১১১ খন ফটো প্ৰদৰ্শিত হৈছে। অনুষ্ঠানটোত শিল্পী ননী বৰপুজাৰী, জয়ন্ত মল্ল বৰুৱা, দিনেশ চৌধুৰী, স্বত্বাধিকাৰী উৎপল বৰুৱা উপস্থিত আছিল।

Comments (0)
Add Comment