বিশ্ব স্বাস্থ্য দিৱসৰ দিনাই বিধায়কে দেখুৱালে মহানুভৱতা

আজি বিশ্ব স্বাস্থ্য দিৱস।স্বাস্থ্য দিৱসৰ দিনাই বি জে পি এজন বিধায়কে দেখুৱালে মহানুভৱতা।বোকাজান সমষ্টিৰ বিধায়ক ডক্টৰ নোমল মমিনে এগৰাকী অসুস্থ মহিলাক চিকিৎসা সেৱা আগবঢ়ায়।
 
 
উল্লেখযোগ্য যে সাহাৰ্য্য সামগ্ৰী বিতৰণৰ এক কাৰ্য্যসূচী অংশগ্ৰহণ কৰি উভতি অহাৰ পথত বিধায়কগৰাকীয়ে চিকিৎসা সেৱা আগবঢ়ায় ।ইয়াৰ পিছত বিধায়ক গৰাকীয়ে নিজৰ ফেচবুক পেইজত ভিডিঅ’ আপডেট দিয়ে আৰু লগে লগে চ’চিয়েল মেডিয়াত ভিডিঅ’টো ভাইৰেল হয়।
নোমল মমিনৰ এই মহানুভৱতাক সচেতন মহলে শলাগ লৈছে।

Comments (0)
Add Comment