বোকাখাতৰ নৱনিযুক্ত মহকুমা আৰক্ষী বিষয়াৰ সৈতে সাংবাদিকৰ সাক্ষাৎ

বোকাখাতৰ নৱনিযুক্ত মহকুমা আৰক্ষী বিষয়াৰ সৈতে সাংবাদিকৰ সাক্ষাৎ

বোকাখাতৰ নৱনিযুক্ত মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাৰ সৈতে কালি বোকাখাত মহকুমাৰ সাংবাদিকসকলৰ এক সৌজন্যতামূলক সাক্ষাৎ অনুষ্ঠিত হয়৷ ক’ভিডৰ নীতি-নির্দেশনা পালন কৰি অনানুষ্ঠানিকভাৱে আৰক্ষী বিষয়া গৰাকীক এখন গামোচাৰে আদৰণি জনোৱা হয়৷ পূৰ্বে নগাঁৱৰ উপ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা বিষয়া গৰাকীয়ে মহকুমাটোত কর্মৰত সময়খিনিত সাংবাদিকসকলৰ সহযোগিতা কামনা কৰে৷ অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শর্মা ৰাজখোৱা, সাংগঠনিক সম্পাদক পলিমা চেতীয়া, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, উপ-সভাপতি অমৰ শর্মা, সম্পাদক নীলু আচার্য, সহ-সম্পাদক প্ৰাঞ্জল হাজৰিকা, সাংগঠনিক সম্পাদক পৱন কামান, প্ৰচাৰ সম্পাদক অজন্তা তালুকদাৰকে ধৰি অন্যান্য সদস্যসকল উপস্থিত থাকে৷ অনুষ্ঠানতে জিতু শৰ্মা ৰাজখোৱা আৰু বুবুল দত্তই দুখনকৈ গ্ৰন্থ মহকুমা আৰক্ষী বিষয়াগৰাকীক প্ৰদান কৰে।

Comments (0)
Add Comment