বোকাখাতৰ নৱনিযুক্ত মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাৰ সৈতে কালি বোকাখাত মহকুমাৰ সাংবাদিকসকলৰ এক সৌজন্যতামূলক সাক্ষাৎ অনুষ্ঠিত হয়৷ ক’ভিডৰ নীতি-নির্দেশনা পালন কৰি অনানুষ্ঠানিকভাৱে আৰক্ষী বিষয়া গৰাকীক এখন গামোচাৰে আদৰণি জনোৱা হয়৷ পূৰ্বে নগাঁৱৰ উপ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা বিষয়া গৰাকীয়ে মহকুমাটোত কর্মৰত সময়খিনিত সাংবাদিকসকলৰ সহযোগিতা কামনা কৰে৷ অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শর্মা ৰাজখোৱা, সাংগঠনিক সম্পাদক পলিমা চেতীয়া, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, উপ-সভাপতি অমৰ শর্মা, সম্পাদক নীলু আচার্য, সহ-সম্পাদক প্ৰাঞ্জল হাজৰিকা, সাংগঠনিক সম্পাদক পৱন কামান, প্ৰচাৰ সম্পাদক অজন্তা তালুকদাৰকে ধৰি অন্যান্য সদস্যসকল উপস্থিত থাকে৷ অনুষ্ঠানতে জিতু শৰ্মা ৰাজখোৱা আৰু বুবুল দত্তই দুখনকৈ গ্ৰন্থ মহকুমা আৰক্ষী বিষয়াগৰাকীক প্ৰদান কৰে।
Trending
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী