ব্ৰীজৰ মূল অভিনেত্ৰী শিৱা ৰাণী কলিতালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় সন্মান

‘ব্ৰীজৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ লৈ আহিছে আন এক সুখবৰ। ২২ -২৬ জুন ২০২১ লৈ সদ্য সমাপ্ত কানাডাত অনুষ্ঠিত চতুৰ্থ অ’টোৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল এৱাৰ্ড (OIFFA-2021)ত কৃষ্টি পথাৰৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত বহুল চৰ্চিত অসমীয়া পুৰ্ণদৈৰ্ঘ চলচ্চিত্ৰ ব্ৰীজৰ মূল অভিনেত্ৰী শিৱা ৰাণী কলিতাই লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। উল্লেখযোগ্য যে, যোৱা বছৰ এই সন্মান লাভ কৰিছিল প্ৰক্ষ্যাত অভিনেত্ৰী সীমা বিশ্বাসে। লক্ষীমপুৰ জিলাৰ ঢকুৱাখনা চহৰৰ শিৱা ৰাণী কলিতাই অভিনয় কৰা ‘ব্ৰীজ’ ৰ চৰিত্ৰটো যথেষ্ট প্ৰত্যাহ্বান মূলক য’ত তেওঁ পথাৰত হালবোৱা ভৰা নদীত কলৰ ভুৰ চলোৱাৰ দৰে কাম কৰিব লগা হৈছিল। ইয়াৰ উপৰি পৰিচালকে অভিনেত্ৰী গৰাকীক যথেষ্ট স্বাভাৱিক অভিনয় কৰাইছে। এই খন চিনেমাত অভিনয় কৰাৰ পূৰ্বে শিৱা ৰাণীয়ে কোনো ধাৰাবাহিক বা চিনেমাত অভিনয় কৰাৰ অভিজ্ঞতা নাছিল, অভিজ্ঞতা কেৱল এখন মঞ্চ নাটকত অভিনয়। ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ‘ব্ৰীজে’ ইতিমধ্যে লাভ কৰিছে ২৮ তাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আমন্ত্ৰণ।
৫১ সংখ্যক ভাৰতীৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI)2020 চনত ভাৰতৰ পৰা পুৰষ্কাৰ লাভ কৰা একমাত্ৰ ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অৰ্জন কৰা ‘ব্ৰীজে’ লাভ কৰিছে আন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান। গোল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি ,১৬ সংখ্যাক ত্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান আদি উল্লেখযোগ্য।শিৱা ৰাণী কলিতাৰ দ্বাৰা পুৰষ্কাৰ লাভে অসমীয়া চলচ্চিত্ৰ অনুৰাগী সকলক আৰু ‘ব্ৰীজ’ৰ পৰিয়ালক উৎসাহিত কৰি তুলিছে।

Comments (0)
Add Comment