ভাৰতৰ প্ৰতিৰক্ষাৰ অন্যতম অস্ত্ৰ পিনাকা ৰকেট

প্ৰতিবেশী ৰাষ্ট্ৰ চীন আৰু পাকিস্তানৰ কাৰ্য্যকলাপৰ বাবে প্ৰতিৰক্ষাৰ অন্যতম মিছাইল ভাৰতে প্ৰস্তুত কৰিছে। ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত পিনাকা ৰকেট সংযোজন হৈছে। উৰিষ্যাৰ চানিপুৰৰ ইণ্টি গ্ৰেটেড টেষ্ট ৰেঞ্জত মাল্টি ৰেবেল ৰকেট লঞ্চাৰৰ জৰিয়তে পিনাকা ৰকেট কালি সফল ভাৱে উৎক্ষেপন হয়।জানিব পৰা মতে পিনাকা ৰকেট ৪৫ কিলোমিটাৰ দূৰত্ব থকা লক্ষ্যক ভেদ কৰিব পাৰে।
এই পিনাকা নামটো ভগৱান শিৱৰ ধনুৰ লোৱা হৈছে।পিনাকা ৰকেট সফল ভাৱে উৎক্ষেপন কৰাৰ বাবে ডি আৰ ডি অ’ক প্ৰতিৰক্ষাৰ মন্ত্ৰী অভিনন্দন জনায়।পিনাকা ৰকেট প্ৰকল্পটো নাগপুৰৰ মেচাৰ্ছ ইকনমিক এক্স প্লোচিভ লিমিটেডৰ উৎপাদনৰ সমৰ্থনৰ সৈতে পুনেৰ আৰ্মামেণ্ট ৰিচাৰ্ছ এণ্ড ডেভেলপ’মেণ্ট আৰু উচ্চ শক্তি সামগ্ৰী গৱেষণা দ্বাৰা যুটীয়া ভাৱে প্ৰস্তুত কৰা হৈছে।

Comments (0)
Add Comment