মুকলি চিঠিৰ এক জাগৰণ

সুখবৰ! অচিৰেই বজাৰলৈ আহিব বৰ্তমান সময় আৰু সমাজব্যৱস্থাক প্ৰভাৱ বিস্তাৰ কৰিব পৰা এখন গ্ৰন্থ। অসমৰ বিভিন্ন দিশ সামৰি প্ৰস্তুত কৰা গ্ৰন্থখনৰ নাম মুখ্যমন্ত্ৰী সমীপেষু। উল্লেখযোগ্য যে এই  গ্ৰন্থখনৰ লিখক সাংবাদিক মৃদুল কুমাৰ সন্দিকৈ। NE Focus ৰ সৈতে হোৱা এক কথোপকথনত লেখক সন্দিকৈয়ে জনায় যে অসমৰ জনসাধাৰণৰ স্বাৰ্থত নিৰপেক্ষ ভাৱে চৰকাৰৰ প্ৰতিটো কাম কাজ বিশ্লেষণ কৰি চিঠিৰ আকাৰে গ্ৰন্থখন প্ৰস্তুত কৰি তোলা হৈছে। ভাৰতবৰ্ষৰ ইতিহাসত বোধহয় চিঠিৰ আকাৰে প্ৰকাশ পোৱা চৰকাৰলৈ লিখা এইখনেই প্ৰথমখন গ্ৰন্থ। বৰ্তমান সময়ত এনে গ্ৰন্থৰ প্ৰয়োজনীয়তা সৰ্বাধিক।সেয়ে গ্ৰন্থখন প্ৰকাশ কৰা হৈছে। স্মৰ্তব্য যে গ্ৰন্থখন অতি শীঘ্ৰে অনলাইন যোগেও উপলব্ধ হ’ব  বুলি লেখক সন্দিকৈয়ে জানিবলৈ দিয়ে ।

Comments (0)
Add Comment