লক ডাউনে কি শিকালে..

মহানগৰীত হঠাতে শাক পাচলি বিক্ৰেতাৰ সংখ্যা বাঢ়িছে।ঠিক সেই দৰে বৃদ্ধি পাইছে মাছ আৰু মাংসৰ বেপাৰীৰ সংখ্যা।এয়া সম্ভৱ হৈ উঠিছে কেৱল লক ডাউনৰ বাবে..।
লক ডাউনে বহুতো কথা শিকাই গ’ল।আত্ম নিৰ্ভৰশীল হ’বলৈ শিকালে,মিতব্যয়ী হৈ চলিবলৈ শিকালে।
মহানগৰীত দুবেলা দুমুঠি খাই ৰিক্সা,থেলা চলাই জীৱন নিৰ্বাহ কৰা বহুতে এতিয়া থেলা,বা ৰিক্সাত লৈ শাক পাচলিৰ ব্যৱসায় কৰে।কাপোৰ ব্যৱসায় কৰা বহুতে লক ডাউনৰ কেইদিন মাছৰ ব্যৱসায় কৰিছে।প্ৰথমাৱস্থাত নতুন ব্যৱসায় কৰিবলৈ গৈ অসুবিধাৰ সন্মুখীন হৈছিল যদিও সম্প্ৰতি চলাই নিছে।
 
ইয়াৰ সমান্তৰালভাৱে একাংশ নিবনুৱাই কৃষি ক্ষেত্ৰত মনোনিবেশ কৰিছে।ঘৰৰ বাৰীতে নানা বিধ শাক পাচলি লগাই স্বনিৰ্ভৰশীল হ’বলৈ শিকিছে।

Comments (0)
Add Comment