শংকৰদেৱৰ সময়তে সংস্কৃত টোল থকা অসমৰ এখন অখ্যাত গাঁৱৰ কথাৰে

এইখন অসমৰে শংকৰদেৱৰ সময়তে সংস্কৃত টোল থকা এখন গাঁও। ঠাৱৰ কৰা হয় এসময়ত সেই গাঁওখনতে অধিকাংশ শিক্ষিত লোক আছিল। এই সকলোবোৰ কথাৰ স্বাক্ষৰ দাঙি ধৰে বিভিন্ন ঐতিহাসিক সমলে। এই গাঁওখনত আজিও কিছু সংখ্যক সাঁচিপাতৰ পুথি আছে।
 
 
 
এই ঐতিহাসিক গাওঁখন ক’ত জানেনে? এই গাঁওখন আছে ধুবুৰী জিলাৰ বিলাসীপাৰাত। গাঁওখনৰ নাম হাকামা গাঁও। গাঁওখনৰ সমীপতে থকা হাকামা বিলে পৰ্যটন ক্ষেত্ৰ খনলৈ ন মাত্ৰা কঢ়িয়াইছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে হাকামা বিলত পোৱা শিল সমূহৰ চুম্বকীয় শক্তি আছে।
 
 
 
 
হাকামা বিলৰ উৎপত্তিৰ সম্বন্ধে বহুতো ঐতিহাসিক কাহিনী পোৱা যায়। কথিত আছে কোনো জনজাতীয় ৰজাই পুখুৰী খান্দোতে পানী নোলাইছিল। সপোনত কোনোৱে নিৰ্দেশ দিছিল যে  ৰাজ কুঁৱৰীয়ে পানী আনিব গ’লে পুখুৰীত পানীয়ে ভৰিব।সেই মতে ৰাজ কুঁৱৰীয়ে পানী আনিবলৈ পুখুৰীত নামিছিল,পুখুৰীটো পানীৰে ভৰিছিল ঠিকেই,কিন্তু পানীত ডুবি ৰাজ কুঁৱৰীৰ মৃত্যু হৈছিল। আৰু সেই পুখুৰীৰ পানীয়ে এসময়ত বিলৰ ৰূপ লয়। ইয়াৰ উপৰিও কথিত আছে সেই ঠাইখনত কোনো ৰজা মহাৰজাৰ কল কাৰখানা আছিল।
 
 
পূৰ্বে হাকামা বিললৈ বহুতো পৰিভ্ৰমী পক্ষী আহিছিল। কিন্তু সম্প্ৰতি পৰিভ্ৰমী পক্ষী বহু কমকৈ অহা পৰিলক্ষিত হয়। স্মৰ্তব্য যে হাকামা বিলৰ পানীৰ গভীৰতা সদায় একে থাকে । একাংশ গঞাই জনোৱা মতে বিলৰ তলত উপলব্ধ থকা শিলবোৰত চুম্বকীয় শক্তি আছে।
 
 
 
আনহাতে একাংশ গাঁওবাসীয়ে বিলখনক দেৱতাৰ জ্ঞান কৰে। কোনো মাংগলিক কাম কাজ সমাপন কৰিবলৈ হ’লে বিলতে গাখীৰ ঢালি সেৱা ভাগ আগবঢ়ায়। ঠিক সেইদৰে বিলৰ সমীপতে থকা কালি মন্দিৰ, শিলঘাট আদিয়ে পৰ্যটনক অন্য মাত্ৰা প্ৰদান কৰিছে।
 
 
 
অৰণ্য সুৰক্ষা সমিতিয়ে এই বিলখনক পৰিভ্ৰমী পক্ষীৰ অভয়াৰণ্য হিচাপে গঢ় দিবলৈ অহৰহ প্ৰচেষ্টা চলাই আহিছে যদিও বৰ্তমানলৈকে ফলৱৰ্তী হোৱা নাই। পৰ্যটন তথা পুৰাতত্ত্ব বিভাগে হাকামা বিলৰ সম্পৰ্কত গুৰুত্ব আৰোপ কৰিলে নিশ্চয়কৈ হাকামা বিল, হাকামা গাঁও আৰু হাকামা অঞ্চলে অসমৰ মানচিত্ৰত বিশেষ প্ৰাধান্য লাভ কৰিব।

Comments (0)
Add Comment