শিল্পীয়ে সমাজক সংগঠিত কৰে-শ্বাহিদ মালিয়া

দেশৰ বিপৰ্যয়ৰ বাবে বহুত দুখ অনুভৱ কৰিছো।আশাকৰো দেশত এনে পৰিস্থিতি পুনৰ বাব উদ্ভৱ নহওক।এই মন্তব্য বলিউডৰ শিল্পী শ্বাহিদ মালিয়াৰ।আজি গ্ৰীণউড ৰিজৰ্টত অনুষ্ঠিত কৰা এক সংবাদ মেলত শিল্পীগৰাকীয়ে এই মন্তব্য কৰে।শ্বহীদ জোৱান সকলক স্মৰণ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে।উল্লেখযোগ্য যে ভাৰতীয় সংগীতক এক নতুন মাত্ৰা প্ৰদানৰ উদ্দেশ্যে আৰম্ভ হোৱা ৰয়েল ষ্টেগ বেৰেল চিলেক্ট এম টি ভিৰ আনপ্লাগ অষ্টম সংস্কৰণ এইবাৰ গুৱাহাটীত অনুষ্ঠিত হৈছে।গুৱাহাটীত উপস্থিত হৈ অসমবাসীৰ সৰলতা, অাতিথ্যত মুগ্ধ হৈ পৰাৰ কথা মন্তব্য কৰে।ইতিমধ্যে মালিয়াই কলিকতা,নাগপুৰ,গুডগাও,ৰানসী আদিত অনুষ্ঠান পৰিৱেশন কৰিছে।পৰৱৰ্তী পৰ্য্যায়ত দিল্লী, হাইদৰাবাদত সংগীত অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছে বুলি জানিব পৰা গৈছে ।

Comments (0)
Add Comment