শিৱসাগৰৰ জিলা আইনসেৱা প্ৰাধিকাৰীৰ বৃক্ষ ৰোপন কাৰ্যসূচী সম্পন্ন

জিলা আইনসেৱা প্ৰাধিকাৰী, শিৱসাগৰে বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰতিবছৰে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত বৃক্ষ ৰোপন আৰু পৰিবেশ সংৰক্ষণৰ সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছে। ক`ভিড্ অতিমাৰী সৃষ্ট পৰিবেশৰ বাবে বিগত বৰ্ষবোৰৰ দৰে এই বছৰ পৰিবেশ দিৱস উদযাপন কৰিব পৰা নগʼল। কিন্তু ক`ভিড্ পৰিস্থিতি সামান্য উন্নত হোৱাত জিলা আইনসেৱা প্ৰাধিকাৰী, শিৱসাগৰৰ অধ্যক্ষ, জিলা ও চেচন ন্যায়াধীশ ৰ পৰামৰ্শ আৰু প্ৰাধিকাৰীৰ সচিবৰ তৎপৰতাত আজি ই ঐতিহাসিক যমুনা পাৰত শিৱসাগৰ জিলাৰ ন্যায়িক বিষয়া সকলে বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। এই সেউজ শিৱসাগৰ কাৰ্যসূচীৰ জৰিয়তে জিলা আইনসেৱা প্ৰাধিকাৰী, শিৱসাগৰে পৰ্যায়ক্ৰমে জিলা খনৰ বিভিন্ন অঞ্চলত বৃক্ষৰোপন কাৰ্যসূচী অনুষ্ঠিত কৰিব।
বাতৰি যুগুতালে শিৱসাগৰৰৰ পৰা দিলিস্তান খানে

Comments (0)
Add Comment