শুক্ৰবাৰৰ পৰা ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া বতৰৰ আগলি বতৰাৰ অনুসৰি কালিৰে পৰা দেওবাৰ পৰ্যন্ত অসম, মেঘালয়, অৰুণাচলত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। পিছে সোমবাৰৰ পৰা বতৰ কিছু ফৰকাল হ’ব। বতৰ বিজ্ঞানীসকলে জানিব দিয়া অনুসৰি এই ৰাজ্যসমূহৰ বাৰিষাৰ সময়ছোৱাত গড়ে বৰষুণৰ পৰিমাণ কমিছে। লগতে এই সময়ছোৱাত লোকসকলক সতৰ্ক হৈ থাকিবলৈও আহ্বান জনাইছে। অসমকে ধৰি মেঘালয়, অৰুণাচলত দেওবাৰ পৰ্যন্ত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।

Comments (0)
Add Comment