শ্ৰমিক, অনাহাৰী লোকক খাদ্য যোগান উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ

দেশত ২৪ মাৰ্চৰ মাজনিশাৰ পৰা সৰ্বাত্মকভাৱে পালন কৰি অহা লক ডাউনৰ সমগ্ৰ দেশৰ যাত্ৰীবাহী ৰেলসেৱাৰ বন্ধ হৈ পৰিছে।অৱশ্যে  যাত্ৰীবাহী ৰেল সেৱা বন্ধ হৈ পৰিলেও খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় আৰু নিত্য ব্যৱহাৰ্য্য সামগ্ৰী কঢ়িওৱা মালবাহী ৰেলৰ চলাচল অব্যাহত ৰাখিছে ভাৰতীয় ৰেলৱেই।
 
 
আনহাতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ আহ্বান মৰ্মে এক এপ্ৰিলৰ পৰা ইণ্ডিয়ান ৰেলৱে কেটাৰিং টুৰিজিম ক’ৰ্পাৰেচনে (কামাখ্যা, গুৱাহাটী, নিউ গুৱাহাটী, শিলচৰ, তিনিচুকীয়া, ডিব্ৰুগড়কে) ধৰি উত্তৰ পূব সীমান্ত ৰেলৱেই সামৰি লোৱা ৰেল ষ্টেচন সমূহত থকা অনাহাৰী লোক সকলক ৰেডিমেড আহাৰ যোগান ধৰাৰ কাম আৰম্ভ কৰিছে।
 
 
 
উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দই জানিবলৈ দিয়া মতে  বৃহস্পতিবাৰৰ বিয়লি পৰ্য্যন্ত দুহেজাৰ লোকক খাদ্যৰ যোগান ধৰিব ।অনাগত দিনতো আই আৰ চি টি চিয়ে অনাহাৰী লোকক খাদ্য যোগান ধৰি যাব।

Comments (0)
Add Comment