সংসদৰ বৰ্ষাকালীন অধিবেশন ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা সম্ভাৱনা

সংসদৰ বৰ্ষাকালীন অধিবেশন ছেপ্টেম্বৰ মাহৰ মাজ ভাগৰ পৰা অনুষ্ঠিত হ’ব। এই অধিবেশনৰ মাজৰ সময়ত কোনো বন্ধ নাথাকিব।এইবাৰ  শনিবাৰে আৰু দেওবাৰেও সদনৰ কাম কাজ অনুষ্ঠিত হ’ব।
 
 
 
প্ৰতিদিনাই দুভাগত অনুষ্ঠিত হ’ব সদনৰ বৈঠক। পুৱা ভাগত আৰু আবেলি ভাগত দৈনিক চাৰি ঘণ্টাকৈ এই অধিবেশন অনুষ্ঠিত হ’ব ।
জানিব পৰা মতে, সংসদৰ বৰ্ষাকালীন অধিবেশনত ১৮ খন বৈঠক অনুষ্ঠিত হ’ব। ক’ভিডৰ প্ৰ’কল অনুসৰণ কৰিহে সদনৰ অধিবেশন অনুষ্ঠিত হ’ব।

Comments (0)
Add Comment