সুখবৰ সুখবৰ

বৰ্তমান সময়ত বজাৰত ধুতিৰ সমাদৰ বাঢ়িছে। নক’লেও হ’ব যে বজাৰত ধুতি সমাদৰ কিয় বাঢ়িছে! ইতিমধ্যে যোৱা শনিবাৰে কিছু সংখ্যকে ধুতি পৰিধান কৰি স্কুল অথবা কাৰ্য্যালয় যোৱাটো পৰিলক্ষিত হৈছে। যি সকলে এই নতুন নিয়মটোক সহজে মানি লোৱাত অসহজবোধ কৰিছে, সেই সকলক দিব বিচাৰিছো এটা সুখবৰ। তেওঁলোকে পলকতে পিন্ধিব পৰাকে ধুতি তৈয়াৰ কৰিছে এগৰাকী ডিজাইনেৰে। তেখেতৰ নাম বিনীতা দত্ত চৌধুৰী মহানগৰীৰ উলুবাৰীৰ বাসিন্দা। হিয়াৰ জগত তেখেতৰ বুটিক। উল্লেখযোগ্য যে তেখেতৰ হিয়াৰ জগত বুটিকত পলকতে পিন্ধিব পৰা ধুতি উপলব্ধ। সেয়েহে এইকেইদিনত হিয়াৰ জগতত গ্ৰাহকে ধুতি বিচাৰি সমাগম কৰা পৰিলক্ষিত  হৈছে।

স্মতৰ্ব্য যে এই পলকতে পিন্ধিব পৰা ধুতিৰ বাবে তেখেত ইতিমধ্যে বিশেষভাবে অৰ্ডাৰ লাভ কৰিছেবুলি জানিব পৰা গৈছে। সবিশেষ জানিবৰ বাবে ইচ্ছুক সকলে 9435018851 নম্বৰত যোগাযোগ কৰিব পাৰে।

আনহাতে সংগীত প্ৰেমী সকললৈ সুখবৰ কঢ়িয়াই আনিছে জনপ্ৰিয় গায়ক সীমান্ত শেখৰে। উল্লেখযোগ্য যে “দিখৌ নৈ এৰিব নোৱাৰো” শীৰ্ষক গীতটো বাংলাত Zee TV Sare Gama Pa ত কালি চনয় পালৰ লগত পৰিবেশন কৰিব বুলি জানিবলৈ দিছে।

Comments (0)
Add Comment