স্বাধীনতা দিৱসত চাৰিজন ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেটক বীৰ চিলাৰায় বঁটা প্ৰদান

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ (এন চি চি) অসমৰ চাৰি জন কেডেটক তেওঁলোকে বাহিনীটোত আগবঢ়োৱা অতুলনীয় সেৱাৰ বাবে এইবেলি ৭৪ সংখ্যক স্বাধীনতা দিৱসত বীৰ চিলাৰায় বঁটাৰে সন্মানীত কৰা হৈছে। কেডেট চাৰিজন হ’ল চিনিয়ৰ ডিভিজনৰ ১ আসাম বেটেলিয়ান এন চি চিৰ চিনিয়ৰ আণ্ডাৰ অফিচাৰ শুভনম সিং আৰু ৫০ আসাম এয়াৰ এন চি চি ইউনিটৰ নিহাৰিকা কাশ্যপ।
 
 
 
জুনিয়ৰ ডিভিজনৰ ২৭ আসাম এন চি চি কোম্পানীৰ কেডেট আবু হাছমিয়াদ দোছাঁ আৰু কেডেট ইচিকা আহমেদ। ১৫ আগষ্টৰ দিনা ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয় কাৰ্যালয় চৌহদত বিভাগটোৰ আয়ুক্ত সচিব ড০ এম অংগমুথুৰ পৌৰাহিত্বত আয়োজিত অনুষ্ঠানত এন চি চিৰ গুৱাহাটী গ্ৰুপৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেদিয়াৰ জে চি তালুকদাৰে কেডেট চাৰি জনক এই বঁটা আৰু সন্মান প্ৰদান কৰে।

Comments (0)
Add Comment