হৃদয়ৱান যুৱকৰ ইতিবাচক কৰ্মই সকাহ যোগালে বৃদ্ধ দম্পত্তিক

সমাজত আজিও মানৱতা হোৱা শেষ নাই।সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে.. গীতক সৰোগত কৰি আদৰ্শ দেখুৱালে কেইগৰাকী মান হৃদয়ৱান যুৱকে।এয়া ছয়গাৱৰ বেলগুৰি ভাঙুৰীপাৰাৰ খবৰ।
কেইজনমান হৃদয়ৱান যুৱকে বৃদ্ধ দম্পত্তিক গৃৃহ নিৰ্মাণ কৰি  সম্প্ৰতি চৰ্চালৈ আহিছে ।সেই যুৱক কেইজন হ’ল দিগন্ত ৰাভা, বনজিত কলিতা, মনোজ দাস,কন্দৰ্প নাথ, শৈলেন নাথ,জয়ন্ত কলিতা, তিলক দাস, পংকজ কলিতা, দেৱ নাথ, দিগন্ত কলিতা। তেওঁলোকে নিসহায় দম্পত্তিদ্বয়ৰ বাবে গৃৃহ নিৰ্মাণ কৰি দিছে।
 
উল্লেখযোগ্য যে  তেওঁলোকে প্ৰায় ২২হাজাৰ টকা খৰছ কৰি এই গৃহটো বৃদ্ধ দম্পত্তিদ্বয়ৰ বাবে নিৰ্মাণ কৰি দিছে।ইতিপূৰ্বেও মাঘৰ বিহুৰ সময়ত দম্পত্তি দ্বয়ক তেওঁলোকে উপহাৰ প্ৰদান কৰিছিল।
 
পৰৱৰ্তী সময়ত গৃহটোত বিজুলী সংযোগৰ ব্যৱস্থা আৰু পানীৰ ব্যৱস্থা কৰি দিব বুলি জানিব পৰা গৈছে।স্মতৰ্ব্য যে দীৰ্ঘ দিন জৰাজীৰ্ণ বাসগৃহত নিঃসহায়  বৃদ্ধ দম্পত্তিদ্বয়ে জীৱন যাপন কৰি আহিছিল।

Comments (0)
Add Comment