৩০ চেকেণ্ডত ১৪৬ টা শব্দ উচ্চাৰণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিলে ঘিলামৰাৰ স্বাধীন গগৈয়ে

নিজৰ অসাধাৰণ আৰু অবিস্মৰণীয় প্ৰতিভাৰে  উদ্ভাসিত হৈ  জন্মভূমি ঘিলামৰাৰ লগতে ৰাজ্যখনলৈ সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে ঢকুৱাখনাৰ এজন যুৱক।  লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ ঘিলামৰা লামু গাঁওৰ নিৰঞ্জন গগৈ আৰু ৰেখা ৰাণী গগৈৰ পুত্ৰ , ডিব্ৰুগড়ৰ ছল্টবুক একাডেমীৰ ছাত্ৰ স্বাধীন গগৈয়ে এই  ক`ভিড  মহামাৰী সময়ত ঘৰতে থাকি ব্যতিক্ৰমী  প্ৰতিভা  বিকশিত কৰাৰ বাবে চলাই অহা প্ৰচেষ্টাই  অৱশেষত মান্যতা লাভ কৰিলে।  মাত্ৰ ৩০ চেকেণ্ডত ১৪৬ টা শব্দ  শুদ্ধ আৰু সুস্পষ্ট ভাবে উচ্চাৰণ কৰি স্বাধীনে  ইণ্ডিয়া বুক অফ ৰেকৰ্ডলৈ প্ৰেৰণ কৰিছিল। এই সন্দৰ্ভত” ইণ্ডিয়া বুক অব ৰেকৰ্ড” কৰ্তৃপক্ষই  সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি স্বাধীনৰ এই ব্যতিক্ৰমী আৰু অভিলেখ যোগ্য পদক্ষেপৰ  মান্যতা আৰু স্বীকৃতি দিয়াত ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়। অলপতে ছাত্ৰজনলৈ  ইণ্ডিয়া বুক অফ ৰেকৰ্ড কৰ্তৃপক্ষই আনুষ্ঠানিক স্বীকৃতি আৰু প্ৰমানপত্ৰ প্ৰেৰণ কৰিছে। ৰাষ্ট্ৰীয় স্তৰত অৰ্জন কৰা সন্মানে জন্মভূমি ঘিলামৰাৰ লগতে সমগ্ৰ লখিমপুৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই ।

Comments (0)
Add Comment