৫০ টা পৰিয়ালে সমবায় ভিত্তিত খেতিবাতিৰে দাঙি ধৰিছে স্বাৱলম্বীতাৰ নিদৰ্শন

একাংশ কৰ্মঠ মহিলাই কৃষি কৰ্মৰে কৰ্ম বিপ্লৱৰ সূচনা কৰিছে।বঙাইগাঁও জিলাৰ মাণিকপুৰ অৰ্ন্তগত ১নং ঝাউবাৰী গোসাঁই পাৰা কৃষি সমবায় সমিতিখনৰ ৫০ টা পৰিয়ালে মিলি ৫২ বিঘা মাটিত ৪৭ বছৰে কৃষি কাৰ্য্যৰ লগতে দুই বিঘা মাটিত মীন পালন কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।এই কৃষি কাৰ্যৰ লগত বৰ্তমান ৫০ টা পৰিয়াল প্ৰত্যক্ষভাৱে জৰিত হৈ আছে।
আজি সমবায়খনৰ মহিলা সকলে মিলি অন্তিম দিনৰ বাবে পথাৰত গীত গাই গাই ভূই ৰুইছে। তেওঁলোকে পথাৰত সমূহীয়াভাৱে ৫২ বিঘা মাটিত ভূই ৰুইছে বুলি জানিব দিয়ে।সমবায় সমিতিখনৰ এখন সমুহীয়া ভৱন, অনাময় আঁচনি, ট্ৰেক্টৰ, পাৱাৰটিলাৰ আদি সামগ্ৰীৰ অভাৱ আছে। সমস্যা সমুহ সমাধান কৰি দিবলৈ জনপ্ৰতিনিধি, জিলা প্ৰশাসন তথা চৰকাৰক আহ্বান জনাইছে কৃষক ৰাইজে।

Comments (0)
Add Comment