ৰক্তদান শিবিৰ অনুষ্ঠিত

ক’ৰণা মহামাৰীৰ আতংকৰ মাজতে সোমবাৰে ওদালগুৰি জিলা অসামৰিক চিকিৎসালয়ত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। জিলা অসামৰিক চিকিৎসালয় আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত এই শিবিৰ অনুষ্ঠিত হয়।
 
ৰক্তদান শিবিৰটো মুকলি কৰে ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালক ডাক্তৰ টইবুৰ ৰহমানে। এই শিবিৰৰ জৰিয়তে চিকিৎসালয়খনে ৯ ইউনিট তেজ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ৪ টা এ পজিটিভ, ৪ টা অ’ পজিটিভ আৰু ১ ইউনিট বি পজিটিভ তেজ সংগ্ৰহ কৰিছে।
 
 
ইয়াৰ জৰিয়তে ৰোগীসকল যথেষ্ট উপকৃত হ’ব। উল্লেখযোগ্য যে কভিড ১৯ ৰ বিৰুদ্ধে যুঁজ দিবলৈ ওদালগুৰি জিলা স্বাস্থ্য সমিতিয়ে চিকিৎসালয়খন সম্পূৰ্ণৰূপে সষ্টম কৰি তুলিছে যাতে কোনো ৰোগী এই জটিল সময়ত বিপদত নপৰে।

Comments (0)
Add Comment