ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হৈছে অংকীয়া ভাওনা সমাৰোহ

শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা অংকীয়া ভাওনা সমাৰোহৰ আজি তৃতীয়টো দিন । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ সমাগমেৰে মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিবেশ । এক কথাত ক’বলৈ গ’লে জন সমুদ্ৰত পৰিণত হৈছে মহাপুৰুষ গুৰুজনাৰ জন্মস্থান লেটেকুপুখুৰী । আজি তৃতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পৰিবেশ সজ্জা,গুৰুজনাৰ জন্মস্থানৰ নামাচাৰ্য বলোৰাম বৰগায়নৰ দ্বাৰা নাম প্ৰসংগৰ পিছতে পুৱা ১০-৩০ বজাৰ পৰা সাংস্কৃতিক বিশ্ববিদ্যালয় মাজুলী আৰু নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সহযোগত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ অনুষ্ঠিত হয় ।
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ ভক্তি আৰু নৱবৈষ্ণৱ আন্দোলনলৈ বৰঙণি শীৰ্ষক বিষয়ৰ ওপৰত অনুষ্ঠিত হোৱা আলোচনা সত্ৰ খন বন্তিপ্ৰজ্বলনেৰে শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে । আলোচনা সত্ৰ উপ-সমিতিৰ সম্পাদক ৰাজীৱ বৰুৱা আৰু তীৰ্থ ভূঞাই আঁতধৰা আলোচনা সত্ৰ খনৰ আদৰণি ভাষন প্ৰদান কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডক্টৰ দিবাকৰ চন্দ্ৰ ডেকাই আৰু উদ্বোধন কৰে গুৱাহাটীৰ গ্ল’বেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডক্টৰ প্ৰদীপ জ্যোতি মহন্তই ।
মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডক্টৰ ডম্বৰুধৰ নাথে সঞ্চালনা কৰা আলোচনা সত্ৰ খনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক চন্দন কুমাৰ ছৌবে গুৱাহাটীৰ কৃষ্ণ কান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ ডীন ড.দিব্যজ্যোতি মহন্তই । আলোচনা সত্ৰ খনত কুৰি গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকে আলোচনা পত্ৰ আগবঢ়ায় । বিয়লি নাট ঘৰত সংগীতময় ভাগৱত পাঠ আৰু অনুষ্ঠান অনুষ্ঠিত হোৱাৰ বিপৰীতে প্ৰদৰ্শনী বাগৰুম্বা নৃত্য পৰিবেশন কৰে ।সন্ধিয়াৰ পৰা আৰম্ভ হয় অংকীয়া ভাওনা।
বিহপুৰীয়াৰ শংকৰজ্যোতি প্ৰগতি সংঘই পৰিবেশণ কৰা প্ৰথমখন অংকীয়া ভাওনা “অৰ্জুন ভঞ্জন” উদ্বোধন কৰে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননীগোপাল দেৱ গোস্বামীয়ে,পঠালিপাহাৰৰ সত্ৰীয়া কলা নিকেতনে পৰিবেশন কৰা দ্বিতীয় খন অংকীয়া ভাওনা কালীয় দমন উদ্বোধন কৰে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰীয়ে আৰু ধেমাজি জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘই পৰিবেশণ কৰা অংকীয়া ভাওনা “ৰুক্মিণী হৰণ” উদ্বোধন কৰে নতুন কমলাবাৰী সত্ৰৰ প্ৰভাত বুঢ়াভকতে । আনহাতে ভাওনা পৰিবেশনৰ মাজতে “লেটেকুপুখুৰীৰ ঐতিহ্য” শীৰ্ষক এখন তথ্য চিত্ৰও শুভ উন্মোচন কৰা হয় । শনিবাৰে ভাওনা সমাৰোহখন সামৰণি পৰিব।

Comments (0)
Add Comment