ৰাণী-শ্বিলং সংযোগী পথে পৰ্যটনক ন মাত্ৰা প্ৰদান কৰিছে

গৰম বন্ধৰ দিনত শ্বিলঙলৈ যোৱাটো আজি কালি  এক প্ৰকাৰৰ  ফেশ্বন হৈ পৰিছে ।চুবুৰীয়া ঠাইখনৰ জলবায়ু আৰু প্ৰাকৃতিক পৰিবেশে সকলোবোৰ হাত বাউলি দি মাতে।সচৰাচৰ শ্বিলঙলৈ গ’লে খানাপাৰাৰ হৈ ন মাইল হৈ যাব লাগে ।কিন্তু আজি আপোনালোকক এনে এটা পথৰ সন্ধান দিব বিচাৰিছো ৰাণী হৈ পাথৰখামা হৈ শ্বিলঙলৈ যাব পাৰি।উল্লেখযোগ্য যে এই পথৰ দূৰত্ব মাত্ৰ ১৩০কি. মিটাৰ।যান যটৰ সমস্যা বিহীন প্ৰদুষণ মুুুুক্ত আৰু ৰাস্তা ঘাট অতি সুচল এই পথটো ।উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা শ্বিলং সংযোগী পথচোৱাত দেওবাৰৰ বাহিৰে সপ্তাহটোৰ সকলো দিনতে ভীষণ যান যটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ।এই সম্পৰ্কে ৰংমন টুৰিজিম চ’চাইটিৰ বলেশ্বৰ ৰংপিয়ে কয় যে প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱৰ বাবে এই পথটোৰ বিষয়ে পৰ্যটকে জ্ঞাত নহয়।চৰকাৰে যদি গুৰুত্ব আৰোপ কৰে নিশ্চয়কে পৰ্যটনে প্ৰসাৰ লাভ কৰাৰ থল আছে ।

Comments (0)
Add Comment