ৰাতি ২ বজাত কৰ্তব্যৰত চিকিৎসকৰ লগত ভিডিঅ’ কল কৰি সেৱাৰ বুজ ল’ব মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই আজি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, জ্যেষ্ঠ চিকিৎসক আৰু অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে শোণিতপুৰ জিলাৰ ক’ভিড পৰিস্থিতিৰ বিতং বুজ লয়। জিলাখনত ক’ভিড সংক্ৰমণৰ হাৰ ১০ শতাংশৰ ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড’ শৰ্মাই জিলা প্রশাসনক মাইক্ৰ কণ্টেইনমেন্ট জ’নৰ জৰিয়তে নিয়মাৱলীসমূহ আৰু অধিক কটকটীয়া কৰাৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে।
আজিৰ এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰী ড’ শৰ্মাই আই চি ইউ বিচনা, অক্সিজেন, ঔষধ ইত্যাদিৰ পৰ্যাপ্ততাৰ বুজ লোৱাৰ উপৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষক আই চি ইউ বিচনাৰ সংখ্যা বৰ্তমানৰ ৪০ খনৰ পৰা ৭০ খনলৈ বৃদ্ধি কৰাৰ বাবে নিৰ্দেশ দিয়ে। গভীৰ নিশাৰ ভাগতো জটিল ক’ভিড ৰোগীসকলক সু-চিকিৎসা প্রদান কৰি মৃত্যুৰ সংখ্যা হ্ৰাস কৰাৰ বাবে মুখ্যমন্ত্ৰী ড’ শৰ্মাই নিশাৰ ভাগটো সহযোগী অধ্যাপক, সহকাৰী অধ্যাপক অথবা পঞ্জীয়কৰ লেখীয়া জ্যেষ্ঠ চিকিৎসকৰ সেৱা নিশ্চিত কৰাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ড’ শৰ্মাই নিজে ৰাতি ২ বজাত ভিডিঅ’ কলেৰে কৰ্তব্যৰত চিকিৎসকৰ সৈতে কথা-পাতি পৰ্যবেক্ষণ কৰিব বুলিও কয়। এই জটিল সময়ক আমি কোনোপধ্যে সহজভাৱে লোৱা উচিত নহয় বুলিও মুখ্যমন্ত্ৰী ড’ শৰ্মাই দৃঢ়তাৰে কয়।
মুখ্যমন্ত্ৰী ড’ শৰ্মাই লগতে অলপতে হোৱা ভূমিকম্পত ক্ষতিগ্ৰস্ত চিৰাজুলি বহুমুখী স্বাস্থ্য কেন্দ্ৰক উপযুক্ত মেৰামতি কৰণেৰে ক’ভিড কেয়াৰ চেন্টাৰলৈ ৰূপান্তৰ তথা ঘোৰামাৰী বহুমুখী স্বাস্থ্য কেন্দ্ৰক ক’ভিড কেয়াৰ চেন্টাৰলৈ ৰূপান্তৰ কৰাৰ কাম দ্ৰুতভাৱে সম্পূৰ্ণ কৰাৰ পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। এই সম্পৰ্কত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সৈতে পুঁজি আৱণ্টনকে ধৰি উপযুক্তভাৱে যোগাযোগ চলোৱাৰ বাবে নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী তথা ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘাল আৰু সাংসদ পল্লৱ লোচন দাসক তেওঁ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে চৰকাৰী চিকিৎসালয়সমূহত ক্ষিপ্রতাৰে আৰু অধিক অক্সিজেন পাইপ সংযোগ কৰাৰ কাম সম্পূৰ্ণ কৰাৰ বাবে লোকনিৰ্মাণ (গৃহ) বিভাগক নিৰ্দেশ দিয়ে। ক’ভিড সংক্ৰমণ ৰোধ কৰাৰ বাবে বাধা-নিষেধসমূহ আৰু অধিক কটকটীয়াকৈ বলবৎ কৰাৰ পদক্ষেপ ল’বলৈ তেওঁ জিলা প্ৰশাসন আৰু আৰক্ষী অধীক্ষক নিৰ্দেশ দিয়ে৷ নিজৰ গৃহত পৃথক শৌচাগাৰৰ ব্যবস্থা নাথাকিলে ৫০ বছৰ উৰ্দ্ধৰ ক’ভিড আক্ৰান্ত ৰোগীক কোনো কাৰণতে হোম কোৱাৰেন্টইনত থকাৰ বাবে অনুমতি প্রদান নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।
ইয়াৰ পিছতে উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড” শৰ্মাই কয়
যে কন্টেইনমেন্ট জ’নৰ দুখীয়া জনসাধাৰণক সহায় কৰাৰ বাবে জিলা প্রশাসনসমূহক ইতিমধ্য নিৰ্দেশ দিয়া হৈছে। জিলা প্রশাসনসমূহে ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীসকলৰ মৃতদেহ শ্মশানলৈ নিয়াৰ দিশত হোৱা পৰিৱহনৰ ব্যয় বহন কৰাৰ উপৰি মৃতদেহৰ সৎকাৰ বিনামূলীয়াকৈ কৰিব। চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্যখনত চিকিৎসকৰ অভাৱ হোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড’ শৰ্মাই ক’ভিড ৰোগীসকলক দিনে-নিশাই উন্নত চিকিৎসা সেৱা আগবঢ়োৱা হ’ব বুলিও মন্তব্য কৰে।
আজিৰ এই পৰিদৰ্শনৰ সময়ত সাংসদ পল্লব লোচন দাস, তপন গগৈ, বিধায়কসকল ক্ৰমে পৃথিবীৰাজ ৰাভা,গণেশ লিম্বু, কৃষ্ণকমল তাঁতী, শোণিতপুৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ তথা জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

Comments (0)
Add Comment