ৰাষ্ট্ৰীয় শিশু টাইকানণ্ডো প্ৰতিযোগিতাত দুটা সোণৰ আৰু চাৰিটা ব্ৰঞ্জৰ পদক লাভ

ক’ভিড-১৯ ৰ বাবে এইবাৰো ইণ্ডিয়া টাইকানণ্ডো প্ৰতিযোগিতা অনলাইনত অনুষ্ঠিত হয়। ৮জুলাইৰ পৰা ২৫জুলাইলৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত শেহতীয়াভাৱে ঘোঘিত ফলাফল অনুসৰি প্ৰতিযোগিতাত অসমৰ দুজনে সোণ আৰু চাৰিজনে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। সোণৰ পদক লাভ কৰা খেলুৱৈ দুজন হ`ল ক্ৰমে সঞ্জনা দেৱী (মহিলা) আৰু নৈতিক সুমন কলিতা (পুৰুষ)। তেনেদৰে ব্ৰঞ্জৰ পদক লাভ কৰা চাৰিজনৰ ভিতৰত তিনিজনী মহিলা খেলুৱৈ হ`ল ক্ৰমে কাব্য কৃশিতা বৰা, ভায়’লিনা এন বি ভূঞা আৰু এৰিন নবিচ। পুৰুষ খেলুৱৈজন হ`ল মানস জ্যোতি বৰুৱা। ইতিমধ্যে বিজয়ী ছয়জন খেলুৱৈলৈ প্ৰমাণ পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।

Comments (0)
Add Comment