দিনজোৰা কাৰ্যসূচীৰে গোৱালপাৰা জিলা ভ্ৰমণ কৰি বিভিন্ন কাৰ্যসূচীত অংশ ল’লে মন্ত্ৰী অশোক সিংহলে

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে আজি দিনজোৰা কাৰ্যসূচীৰে গোৱালপাৰা জিলা ভ্ৰমণ কৰি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ প্ৰথমে তেওঁ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এখনি পৰ্যালোচনা সভাত জলসিঞ্চন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, লোক নিৰ্মাণ [পথ], লোক নিৰ্মাণ [গৃহ] আদি বিভাগৰ লগতে গোৱালপাৰা আৰু লক্ষীপুৰ পৌৰসভাৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ কাম-কাজসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷ বৈঠকত তেওঁ জিলাখনত চলি থকা প্ৰধানমন্ত্ৰী আৱাস যোঁজনা [নগৰীয়া], প্ৰধান মন্ত্ৰী আৱাস যোজনা [গ্ৰামীণ], জল-জীৱন মিছন আদি আঁচনিৰ কাম-কাজৰ বিশদভাৱে বুজ লয়৷ পৌৰসভা দুখনৰ অধীনত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ যিসমূহ গৃহৰ নিৰ্মাণকাৰ্য এতিয়াও অসমাপ্ত হৈ আছে, সেয়া নৱেম্বৰ মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত প্ৰধান মন্ত্ৰী আৱাস যোজনা [গ্ৰামীণ]ৰ কিছুসংখ্যক গৃহ দীৰ্ঘকাল ধৰি সম্পূৰ্ণ হৈ নুঠা কাৰ্যত উদ্বেগ প্ৰকাশ কৰি সেই কাম অনতিপলমে সমাপ্ত কৰিবলৈ তেওঁ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক নিৰ্দেশ দিয়ে৷ উন্নয়ন খণ্ড আৰু জিলা পৰ্যায়ৰ তদাৰক সমিতিসমূহৰ সক্ৰিয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰয়োজনসাপেক্ষে এই সমিতিসমূহ পুনৰ গঠন কৰিবলৈ মন্ত্ৰীগৰাকীয়ে উপায়ুক্তক নিৰ্দেশ দিয়ে৷ তদুপৰি তেওঁ খণ্ড উন্নয়ন বিষয়াসকলক প্ৰতিটো পঞ্চায়ত ভ্ৰমণ কৰি আনটাইড পুঁজিৰ কামসমূহৰ অগ্ৰগতিৰ বিষয়ে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে৷ তেওঁ জিলাখনত চলি থকা জলজীৱন মিশ্যনৰ কাম-কাজৰো বুজ লয়৷ তেওঁ লোক নিৰ্মাণ [পথ] বিভাগৰ অসম্পূৰ্ণ কামসমূহ তৎকালে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে লোক নিৰ্মাণ [গৃহ] বিভাগৰ অধীনত কৰ্তব্যত নিয়োজিত যিসমূহ ঠিকাদাৰে কামত হেমাহি কৰিছে, তেওঁলোকৰ বিৰুদ্ধে তদন্ত কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিয়ে৷

এই পৰ্যালোচনা বৈঠকৰ পাছতে মন্ত্ৰী সিংহলে গোৱালপাৰা জিলাৰ দলীয় সতীৰ্থসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ শীৰ্ষক অঁনাতাৰ কাৰ্যসূচী উপভোগ কৰে৷ ভাৰতবৰ্ষৰ শিক্ষাখণ্ড, বিজ্ঞান-প্ৰযুক্তি, বীৰছা মুণ্ডা, ভাৰতবৰ্ষৰ স্বতন্ত্ৰতা সেনানীসকলৰ ওপৰত আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ প্ৰেৰণাদায়ক কথাবোৰে জন-কল্যাণৰ হকে আৰু অধিক কষ্ট কৰি যাবলৈ সকলোকে অপৰিসীম উৎসাহ যোগায় বুলি তেওঁ মন্তব্য কৰে৷

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে গোৱালপাৰা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত ‘অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১’-ৰ অধীনত গোৱালপাৰা জিলাৰ দ্বিতীয় শ্ৰেণীৰ হিতাধিকাৰীসকললৈ সাহায্য বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু তাৰ পাছতে তেওঁ দিনজোৰা গোৱালপাৰা জিলা ভ্ৰমণ সামৰি গুৱাহাটীলৈ উভতি যায়৷

Comments (0)
Add Comment