ISL 2017 ত দুভৰিৰ যাদু দেখুৱাব অসমৰ ফুটবলাৰে

অসমৰ ক্ৰীড়া জগতলৈ সুখবৰ। প্ৰথমবাৰলৈ আই এছ এলত (ISL) অসমৰ চাৰিগৰাকী ফুটবলাৰ। ইনডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এলত (ISL) ২০১৭ বৰ্ষৰ বাবে চুক্তিবদ্ধ হৈছে অসমৰ চাৰিগৰাকী ফুটবলাৰ, চাৰিটা দলত চুক্তিবদ্ধ অসমৰ চাৰিগৰাকী ফুটবলাৰ। তেওঁলোকৰ ভিত্তি প্ৰস্তুত কৰা আজিৰ খবৰ। 
 
প্ৰাঞ্জল ভূমিজঃ 
পোন প্ৰথমবাৰৰ বাবে আই এছ এলত খোজ পেলোৱা শিৱসাগৰ জিলাৰ এজন প্ৰতিভাৱান ফুটবলাৰ। পিছপৰা অঞ্চলৰ পৰা নিজ অধ্যৱসায়ৰ যোগেদি যোগ্য স্থান লৈ ভাৰতৰ জনপ্ৰিয় ফুটবল টুৰ্নামেণ্ট আই এছ এলত মুম্বাই এফ চিত Mumbai FC খেলাৰ সুযোগ পোৱা পানীবিলৰ দৰিকা নগৰৰ এই সুযোগ্য খেলুৱৈ জন হ’ল প্ৰাঞ্জল ভূমিজ। টেঙাবল খেলিয়েই ভাৰতৰ আগশাৰীৰ ফুটবল খেলত প্ৰতিনিধিত্ব কৰিবলৈ যোৱা প্ৰাঞ্জল ভূমিজ বৰ্তমান  ফুটবলৰ প্ৰশিক্ষণত ব্যস্ত। চলিত বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা এই প্ৰতিভাৱান খেলুৱৈজন গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ।
হলিচৰন নাৰ্জাৰীঃ
কোকৰাঝাৰ জিলাৰ প্ৰতিভাসম্পন্ন ফুটবলাৰ হলিচৰন নাৰ্জাৰী। ইতিমধ্যে যোৱা বছৰ নৰ্থ ইষ্ট ইউনাইটেড (Northeast FC) ফুটবল ক্লাবৰ হৈ অভূতপূৰ্ব প্ৰদৰ্শনৰ পিছত পুনৰ চুক্তিবদ্ধ হৈছে নৰ্থ ইষ্ট ইউনাইটেডত। 
 
বাওৰিংডাও বডোছাঃ
ডিমাহাচাও জিলাৰ হাফলংৰ বাওৰিংডাও বডোছাৱে নিজৰ প্ৰতিভাৰ যোগেদি ৰাষ্ট্ৰীয় দলত খেলিবলৈ সক্ষম হৈছে। তেওঁ চুক্তিবদ্ধ হৈছে চেন্নাই ফুটবল ক্লাবত (Chennai FC)।
 
বিনীত ৰায়ঃ
নিজৰ প্ৰতিভাৰ যোগেদি ফুটবল জগতলৈ অৱদান আগবঢ়াৱা আৰু আই এছ এলত সকলোৰে পৰিচিত বিনীত ৰায়। টাটা ফুটবল একাডেমী আৰু ডেমপো’ ৰ  পৰা আই এছলৈ আহি যোৱা বছৰ কেৰেলা ব্লাষ্টাৰৰ হৈ দুভৰিৰ যাদু দেখুৱাই এইবাৰ দিল্লী ডাইনোজত (Delhi Dynamos) চুক্তিবদ্ধ।
অসমৰ চাৰিগৰাকী ফুটবলাৰৰ দুভৰিৰ যাদুৰে অসমৰ নাম বিশ্বৰ দৰবাৰত জিলিকাই তুলিবলৈ সক্ষম হ’ব বুলি আশা ৰাখিছে অসমৰ ফুটবল প্ৰেমীয়ে।
খবৰ যোগান ধৰিলে
আমিনগাওঁৰ নিতোপম মেধিয়ে।
Comments (1)
Add Comment
  • Swapan

    Vl kotha aru protivaban kheluoi ulale vl lagibo Amar gourab hobo