ৰাম মন্দিৰ নিৰ্মাণত সহযোগ কৰিব

ৰাম মন্দিৰ নিৰ্মাণত সহযোগ কৰিব সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদে।জানিব পৰা মতে পৰিষদে মন্দিৰ নিৰ্মাণত ১লাখ টকা অনুদান আগবঢ়াব।এক বিবৃতিত সম্পাদক মইনুল হকে কয় যে এইটো এটা অতি স্পৰ্শকাতৰ বিষয়।দেশৰ শান্তি শৃংখলা বিঘ্নিত নোহোৱাকৈ দেশৰ সাংবিধানিক বিচাৰপীঠে ঐতিহাসিক ৰায় প্ৰদান কৰিলে।যিহেতু মন্দিৰ মজিদ দুয়োটাই ভাৰতৰে অনুষ্ঠান,গতিকে সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।পৰিষদে গ্ৰহণ কৰা পদক্ষেপ সচেতন মহলত বেচ চৰ্চিত হৈ পৰিছে।

Comments (0)
Add Comment