বিশ্বকৰ্মা পূজাৰ বিশেষ

আজি বিশ্বকৰ্মাৰ পূজা|বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজাৰ উপলক্ষে সমূহ উদ্যোগ ,প্ৰতিষ্ঠান সজাই পৰাই তোলা হৈছে|বিশ্বকৰ্মাৰ পূজা প্ৰতিবছৰে ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হয়|শাস্ত্ৰত বৰ্ণনা কৰা অনুসৰি ভগৱান বিশ্বকৰ্মাই ব্ৰক্ষ্মাৰ নিৰ্দেশ মৰ্মে বিশ্ব খনিকৰজনে পৃথিৱীখন সজাই তুলিলে|বেদত উল্লেখ থকা অনুসৰি বিশ্বকৰ্মাই সত্য যুগত স্বৰ্গ,ত্ৰেতা যুগত লংকা,দ্বাপৰ যুগত দ্বাৰকা আৰু কলি যুগত হস্তিনাপুৰ নিৰ্মাণ কৰিছিল|আজি দিনটো শিল্পকাৰসকলৰ বিশেষ দিন|কিয়নো বৰ্তমানে যিমান বিকাশ দেখিছো,তাৰ মূলতে শিল্পকাৰসকলৰ কলা|সেয়ে উদ্যোগ প্ৰতিষ্ঠান সমূহত বিশ্বকৰ্মাৰ পূজাৰ লগতে সা সামগ্ৰী সমূহকো পূজা অৰ্চনা কৰা হয়|পঞ্জিকাৰ তথ্য অনুসৰি  বিশ্বকৰ্মাৰ পূজাৰ শুভ সময় ১০.১৭ বজাৰ পৰা আৰম্ভ হৈছে|

Comments (0)
Add Comment