অসমত নিৰৱে ভলীবল খেলৰ বিপ্লৱ সূচনা হৈছে

অসমত ক্ৰীড়াৰ এক পৰিৱেশে গা কৰি উঠিছে।এই কথাষাৰ পুনৰ বাৰ প্ৰমাণ কৰিছে অসম ভলীবল মিচনে।অসম ভলীবল মিচন ১০০য়ে গ্ৰাম্যাঞ্চলৰ খেলুৱৈ সকলক এখন মঞ্চ দিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।ইয়াৰ অংশস্বৰূপে যোৱা ১২ ডিচেম্বৰ পৰা সমগ্র অসম জুৰি আৰম্ভ হৈছে ভলীবল লীগ।
এই সম্পৰ্কত ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই কয় যে এজন ভাল খেলুৱৈক উপযুক্ত মঞ্চ দিয়াৰ বাবে এই ব্যৱস্থা কৰা হৈছে।সমগ্ৰ অসমৰ ৩৫ খন গাঁৱত সম্প্ৰতি খেল অনুষ্ঠিত হৈ আছে। এই গাঁওসমূহ থকা জিলাকেইখন হ’ল বৰপেটা,বাক্সা,নলবাৰী, কামৰূপ, ওদালগুৰি, শোণিতপুৰ, লখিমপুৰ, বিশ্বনাথ চাৰিআলি,মাজুলী,গোলাঘাট,যোৰহাট,শিৱসাগৰ,ধেমাজি আৰু ঢকুৱাখনা,
জানিব পৰা মতে অহা ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত এখন চুপাৰ লীগ অনুষ্ঠিত হ’ব।এই লীগ সমূহ স্পঞ্চাৰ কৰিছে মনালিছা বৰুৱা ,কৃষ্ণা হাজৰিকা,মদালছা বৰুৱাৰ লগতে বহু কেইগৰাকীয়ে।স্মতৰ্ব্য যে ১৯৪২ চনতে ভলীবল দলে ভাৰতীয় অলিম্পিক গেমছ খেলিবলৈ গৈছিল।

Comments (0)
Add Comment