অসম এথলেটিকচ এছোচিয়েচনৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সাধাৰণ সম্পাদক অশোক কুমাৰ ভড়ালীয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে জনায় যে অহা ২ নৱেম্বৰ পৰা ৬ নৱেম্বৰ ২০১৯ তাৰিখলৈ অন্ধ্ৰপ্ৰদেশত অনুষ্ঠিত হ’বলগীয়া 35th National Junior Athletics Championship খেলখনত অসমৰ পৰা অংশ গ্ৰহণ কৰাৰ বাবে এটি ৮ জনীয়া দলৰ লগত দলপতি হিচাপে কৰুনাধৰ দত্ত আৰু প্ৰশিক্ষক হিচাপে গোবিন্দ মালাকাৰৰ নেতৃত্বত ৰেলযোগে ৰাওনা হৈছে । উক্ত খেলত অংশ গ্ৰহণ কৰিব অৰূপজ্যোতি গগৈ ¸হেমাংগ বৰগোঁহাই ¸ ধ্ৰীতিশমান গোস্বামী ¸ ঐখিক গগৈ ¸ বিক্ৰম দাস ¸ অক্ষয় বড়ো ¸ বিকনি চামুৱা আৰু দিবাংকৰ চুবে ।