অহা ডিচেম্বৰত জাতীয় বিদ্যালয়ৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব

ৰাজ্যখনত জাতীয় বিদ্যালয় সমূহে শৈক্ষিক বৌদ্ধিক বিকাশত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।অহা ১২ আৰু ১৯ ডিচেম্বৰত দুটা ভাগত ৰাজ্যৰ বিভিন্ন জিলাৰ জাতীয় বিদ্যালয় সমূহৰ দুখন প্ৰতিনিধি সভা।
 
উল্লেখ্য যে এই প্ৰতিনিধি সভাসমূহে সময়ৰ লগে লগে জাতীয় বিদ্যালয় সমূহৰ সামগ্ৰিক কাম-কাজ আৰু অৱস্থাৰ উন্নতিকৰণৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।এই দুয়োখন সভা দিনৰ ১০ বজাৰ পৰা নুমমাটিস্থিত অসম জাতীয় বিদ্যালয়ত অনুষ্ঠিত হ’ব।
শিক্ষা সংসদে ক’ভিডৰ সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক আৰু প্ৰধান শিক্ষক-শিক্ষয়িত্ৰী যিকোনো এগৰাকীক সভালৈ অহা পোষকতা কৰিছে।

Comments (0)
Add Comment