অহা সোমবাৰে বিজেপিত যোগদান কৰিব ৰূপজ্যোতি কুর্মীয়ে

কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা আৰু বিধায়কৰ পদৰ পৰা পদত্যাগ কৰিলে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।ৰূপজ্যোতি কুর্মীয় আজি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক পদত্যাগ পত্ৰ প্ৰদান কৰে। ইয়াৰ পাছতেই বিজেপিত যোগদান কৰাৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰে ।জানিব পৰা মতে অহা সোমবাৰে কুৰ্মীয়ে বিজেপিত যোগদানৰ কৰিব।উল্লেখযোগ্য যে সুদীৰ্ঘ চাৰিটা বছৰ সবল নেতৃত্ব দি অহা যুৱ বিধায়ক জনৰ কংগ্ৰেছ দল ত্যাগে দলত মোক্ষম আঘাত হানিছে।আনহাতে ৰূপজ্যোতি কুর্মী পিছতে দলৰ পৰা পদত্যাগ কৰে মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী জুৰি শৰ্মা বৰদলৈয়ে।

Comments (0)
Add Comment